ETV Bharat / state

চিৰাঙত বিটিআৰক লৈ উচাহ, আয়োগৰ সদস্যক সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ - বিটিআৰক আদৰণি নিখিল বড়ো ছাত্ৰ সন্থাৰ

চিৰাঙত বিটিআৰক আদৰণি এবছুৰ । বিটিআৰ আয়োগৰ অন্যতম সদস্য এবছুৰ উপ-সভাপতি জয়ন্ত বসুমতাৰীক ৰাজহুৱাভাৱে সম্বৰ্ধনা এবছুৰ লগতে বিভিন্ন দল সংগঠনৰ । বিটিএডি গুচি বিটিআৰ হ'ল, বিপিএফৰ ভৰিৰ তলৰ মাটি নোহোৱা হলঃ জয়ন্ত বসুমতাৰী ।

author img

By

Published : Sep 26, 2020, 2:35 AM IST

চিৰাং, 25 ছেপ্টেম্বৰ : শুকুৰবাৰে অসম চৰকাৰে ঘোষনা কৰা বিটিএডিৰ সলনি বিটিআৰ লৈ উৎফুল্লিত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু । শুকুৰবাৰে সন্ধিয়া চিৰাং জিলা এবছুৰ কাৰ্য্যালয়ত বিটিআৰ আদৰণি অনুষ্ঠানৰ আয়োজন কৰে এবছুয়ে । এই অনুষ্ঠানত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায় এবছুয়ে ।

চিৰাঙত বিটিআৰক লৈ উচাহ, আয়োগৰ সদস্যক সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ
বড়ো আন্দোলনৰ শ্বহীদসকল স্মৃতিত বন্তি প্ৰজ্বলন

জিলা এবছুৰ কাৰ্য্যালয়ত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত এবছুৰ লগতে বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় বিটিআৰ চুক্তি অনুসৰি গঠিত আয়োগৰ অন্যতম সদস্য জয়ন্ত বসুমতাৰীক । বিটিআৰ গোৰ্খা সমাজ,বিটিআৰ আগছু,বড়ো সমাজ,বড়ো সাহিত্য সভাকে আদি কৰি বহু কেইটা সংগঠনে সম্বৰ্ধনা জনায় জয়ন্ত বসুমতাৰীক ।

চিৰাঙত বিটিআৰক লৈ উচাহ
আয়োগৰ সদস্যক সম্বৰ্ধনা বিভিন্ন দল-সংগঠনৰ

ইয়াৰ পুৰ্বে বৰষুণৰ মাজতে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু বড়ো আন্দোলনৰ শ্বহীদসকল স্মৃতিত বন্তি প্ৰজ্বলন কৰে ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে । তাৰপিচতে শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ বাবে মৌন প্ৰাৰ্থনা জনায় । বিভিন্ন ৰং বিৰঙী ফটকা ফুটাই আনন্দ উল্লাস কৰে জিলা এবছুৰ কাৰ্য্যালয়ত । ইয়াৰ পিচতে চিৰাং জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা ।

বিটিআৰক আদৰণি নিখিল বড়ো ছাত্ৰ সন্থাৰ

অনুষ্ঠানত উপস্থিত থাকি বিটিআৰ আয়োগৰ অন্যতম সদস্য এবছুৰ উপ-সভাপতি জয়ন্ত বসুমতাৰীয়ে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনায় বিটিআৰ চুক্তিৰ দফাসমুহ ৰূপায়নৰ বাবে । বিটিআৰ চুক্তিৰ দফাসমুহ চুক্তি অনুসৰি ছমাহৰ ভিতৰত ৰূপায়ন হ'ব লাগিছিল যদিও কোভিডৰ বাবে সময় পিচুৱাইছিল ৷ অৱশেষত 7 মাহৰ পিচত ৰূপায়ন আৰম্ভ হ'ল বুলি কয় এবছুৰ নেতাজনে ।

বিটিআৰ চুক্তি ৰূপায়নৰ বাবে ধন্যবাদ চৰকাৰক, এবছু

তেওঁ কয় যে, আজি বিটিআৰ চুক্তিৰ চাৰিটা দফা ৰূপায়নৰ প্ৰচেষ্টা হ'ল । বড়ো ভাষাটো অসমৰ সহযোগী ভাষাৰ স্থান পালে । চুক্তিৰ দফা সমুহ আখৰে আখৰে পালন হ'ব বুলিও জনায় । আজি যি আনন্দ লাভ কৰিছে সেয়া ভাষাৰে বুজাব নোৱাৰা আনন্দ বুলি কয় জয়ন্ত বসুমতাৰীয়ে । বিটিএডি হোৱাৰ পিচত আমাৰ মাজত ভেদভাৱৰ সৃষ্টি হৈছিল । আজি বিটিআৰৰ জৰিয়তে সকলো জাতি-জনগোষ্ঠীৰ মাজত শান্তি স্থাপন হ'ব । বিপিএফে বিটিআৰক লৈ প্ৰলাপ বকিছে কাৰণ বিপিএফৰ নেতাসকলৰ ৰাজনৈতিকভাৱে হত্যা হ'ব । কাৰণ বিটিএডি চুক্তি আজিৰে পৰা আনুষ্ঠানিকভাৱে শেষ হৈ বিটিআৰ হ'ল । বিপিএফৰ ভৰিৰ তলৰ মাটি নোহোৱা হ'ল । সেয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিতভাৱে বিটিআৰ চুক্তি গুৰুত্বহীন বুলি কৈ ফুৰিছে বিপিএফৰ নেতাসকলে ।

বিপিএফৰ ভৰিৰ তলৰ মাটি নোহোৱা হলঃ জয়ন্ত বসুমতাৰী

জয়ন্ত বসুমতাৰীয়ে আৰু কয় যে চৰকাৰে চুক্তি অনুসৰি বিটিআৰ চুক্তিৰ দফা সমুহ ৰূপায়ন কৰি আছে । এতিয়া বিপিএফৰ মান নোহোৱা হৈছে । সেয়ে আমি বিটিআৰবাসী তথা বড়ো ৰাইজৰ হৈ অসম চৰকাৰক ধন্যবাদ জনাইছো । বিটিআৰ চুক্তি লৈ বিপিএফে প্ৰলাপ বকিছে বাবে বিটিআৰ চুক্তিৰ দফা সমুহৰ ৰূপায়নৰ বাবেই আজি এবছুয়ে ইউপিপিএলক সমৰ্থন জনাইছে । এবছুৰ সভাপতি হৈ প্ৰমোদ বড়োই বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী আছিল আৰু আজি তেওঁ ইউপিপিএল দলৰ সভাপতি হৈ বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ন কৰিব বুলি আমাৰ বিশ্বাস আছে বাবেই আমি ইউপিপিএলক এবছুয়ে সমৰ্থন জনাইছো বুলি কয় জয়ন্ত বসুমতাৰীয়ে । তেওঁ অসম চৰকাৰক অনুৰোধ জনায় অতিশীঘ্ৰেই বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰি ইয়াৰ সকলো দফা ৰূপায়নৰ বাবে ৷

এতিয়াৰে পৰাই নোহোৱা হ'ল বিটিএডিৰ যুগ

অনুষ্ঠানত উপস্থিত থাকি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে কয় যে আজিৰে পৰা বিটিআৰ চুক্তিয়ে ৰূপায়নৰ ৰূপ লাভ কৰিছে । সেয়ে চৰকাৰক ধন্যবাদ জনাইছো । ইউপিপিএল দলে ইয়াক স্বাগতম জনোৱাৰ কথাও জনায় নেতাজনে । আজি সাত মাহৰ পিচত বিটিআৰ চুক্তি ৰূপায়ন হৈ আছে । ইয়াত খাম্পা বৰগয়াৰীয়ে ভিত্তিহীন অভিযোগ কৰিছে যে বিটিচি নিৰ্বাচনৰ লগত সংগতি লৈ ৰূপায়ন হৈছে ।

বিটিআৰৰ সন্দৰ্ভত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীৰ প্ৰতিক্ৰিয়া

আচলতে ছমাহৰ ভিতৰতে ৰূপায়ন হ'ব লাগিছিল বিটিআৰ চুক্তি । তেওঁ আৰু কয় যে বিপিএফৰ তিনিজনকৈ মন্ত্ৰী থকাৰ পিচতো কিদৰে বিটিচিত ৰাজ্যপালৰ শাসন হ'ল সেয়া বিপিএফে হে জানিব । কাৰণ বিপিএফে ন্যায়ালয়কো সন্দেহ কৰিছে । আমি বিচাৰো বিটিচি নিৰ্বাচন নোহোৱালৈ ৰাজ্যপালৰ শাসন চলিব । কিন্তু বিটিচিৰ নিৰ্বাচন অতি সোনকালেই কৰিব লাগে বুলি ইউপিপিএলৰ সাধাৰণ সম্পাদক জনে কয় । তেওঁ আৰু কয় যে যিহেতু ভাৰতৰ অন্যান্য ঠাইত নিৰ্বাচনৰ ব্যৱস্থা কৰিছে আয়োগে সেইদৰে বিটিচিতো নিৰ্বাচন কৰক কaভিডৰ নিয়মাৱলীৰ মাজতে ।

লগতে পঢ়ক : বিটিআৰক লৈ ইউপিপিএলৰ উপ-সভাপতি ৰণগৌৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.