ETV Bharat / state

চিৰাঙৰ গুদামত আৰক্ষীয়ে জব্দ কৰা টিনপাত,কম্বল,আঠুৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত

author img

By

Published : Jun 21, 2020, 10:09 PM IST

চিৰাঙৰ কাজলগাঁওৰ বি পি এফৰ গুদাম ঘৰত আৰক্ষীৰ অভিযান সন্দৰ্ভত বিপিএফ দলৰ প্ৰতিক্ৰিয়া। তাত বি পি এফৰ কোনো সামগ্ৰী নাছিল চৰকাৰী সামগ্ৰীহে আছিল ।

chirang-bpf-reaction-regarding-godown-seal
চিৰাঙৰ গুদামত আৰক্ষীয়ে জব্দ কৰা টিনপাত,কম্বল,আঠুৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত

চিৰাঙ,21জুনঃচিৰাঙ জিলাৰ কাজলগাঁৱৰ আলাই খুংগ্ৰী পাৰ্কত চৰকাৰী ভাৱে আবন্টিত টিনপাত,কম্বল,আঠুৱা ৰখা গুদামৰ পৰা নিশাৰ ভাগত গোপনে বি পি এফ দলে ৰাইজৰ মাজত বিতৰণ কৰা বুলি ইউ পি পি এল দলৰ অভিযোগ আৰু শনিবাৰে ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই সামগ্ৰী খিনি জব্দ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই চিৰাঙ জিলা প্ৰশাসন আৰু বি পি এফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইপিনে বিশেষকৈ গুদামৰ পৰা জব্দ কৰা সামগ্ৰী খিনি দৰাচলতে অনুসূচিত জনজাতি, জাতি আৰু অন্যান্য পিছ পৰা জাতিৰ বাবে চৰকাৰী ভাৱে আবন্টিত সামগ্ৰী বুলি স্পষ্টীকৰণ দিয়ে জিলা সমাজ কল‍্যান বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তথা চিদলী ৰাজহ চক্ৰ বিষয়া অৰুণ ব্ৰহ্মই । বিটিচি ত নিৰ্বাচনী অধিসূচনা বলৱৎ হৈ যোৱাৰ কাৰণে পিছলৈ সামগ্ৰী বিতৰণ কৰিব নোৱাৰি উক্ত চৰকাৰী নীতি নিয়ম অনুসৰি গুদামত ৰখা হৈছিলে বুলি সদৰি কৰে বিষয়া জনে ।

আনহাতে শনিবাৰে আৰক্ষীয়ে জব্দ কৰা গুদামটোৰ পৰা বি পি এফৰ নেতা পানীৰাম ব্ৰহ্মৰ অধীনস্থ বুলি অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পানীৰাম ব্ৰহ্মই কয় যে শনিবাৰে যিটো গুদাম মোৰ বুলি কোৱা হৈছে সেয়া আচলতে প্ৰাক্তন বি এল টি কল‍্যান সমাজৰ সম্পত্তি । কাৰো ব্যক্তিগত সম্পত্তি নহয় আৰু ইউ পি পি এল দলে জানে যে নিশা জব্দ কৰা সামগ্ৰী খিনি সমাজ কল‍্যাণ বিভাগৰ বুলি জানে কেবল মোক মিছা বদনাম দিয়াৰ কাৰণে অপচেষ্টা চলাই আছে বুলি উল্লেখ কৰে পানীৰাম ব্ৰহ্মই । চিৰাং জিলা জিলা বি পি এফৰ ভাৰপ্ৰাপ্ত সভাপতি চিনেন বসুমতাৰী য়ে নিজৰ প্ৰতিক্ৰীয়া ব‍্যাক্ত কৰি কয় যে বি পি এফ দলক বদনাম কৰাৰ বাবে ইউ পি পিএল দলে হোৱাই নোহোৱাই বিভিন্ন সময়ত অভিযোগ কৰি থকা পৰিলক্ষিত হৈছে। এইবোৰ বাদ দি ইউ পি পি এল দলে সচাকৈ কাম কৰাৰ বাবে আগবাঢ়ি আহক বুলি কয়। উল্লেখযোগ্য যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ বোকা ছটিওৱাৰ খেল তু্ংগত উঠা পৰিলক্ষিত হৈছে। লগতে পঢকঃ পিতৃ দিৱসঃ পিতৃৰ হাতত প্ৰাণ গ'ল 3 বছৰীয়া কন্যাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.