বাসুগাঁও, 1 মাৰ্চঃ দেওবাৰে চিৰাং জিলাৰ বাসুগাঁৱৰ ৰাজাচাৰাং পথাৰত অনুষ্ঠিত হয় আক্ৰাছুৰ গণ সমাৱেশ অনুষ্ঠান ৷ অসম বিধানসভাৰ কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত, কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবী জনাই আজি এই গণ সমাৱেশ অনুষ্ঠিত কৰে আক্ৰাছুৱে ৷ আজিৰ এই গণ সমাৱেশত কোচ ৰাজবংশী জাতীয় বিভিন্ন দল সংগঠনৰ লোকৰ লগতে প্ৰায় অৰ্ধলক্ষাধিক লোকে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃ সোমবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশনঃ ৪ মাৰ্চত দাখিল নহয় ৰাজ্যিক বাজেট