ETV Bharat / state

মানৱ সৰবৰাহকাৰীৰ কবলত পৰা শিশুৰ পৰিয়ালত চেক বিতৰণ - মুখ্যমন্ত্ৰী

ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা শিশুৰ পৰিয়ালক ২০ হেজাৰ টকাৰ চেক বিতৰণ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেংগা) আৰু সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে । বিগত ৩০ জুলাইত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল এই চেক বিতৰণৰ কাৰ্যসূচী ৷

Chirang Cheque dostribution
মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰ মাজত চেক বিতৰণ
author img

By

Published : Aug 8, 2021, 11:24 AM IST

চিৰাং, 8 আগষ্ট : অসম চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ ৷ অসম চৰকাৰৰ তৰফৰ পৰা শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত দৰিদ্ৰ পৰিয়ালৰ মাজত চেক বিতৰণ কৰা হয় ৷ প্ৰায় 30 টা পৰিয়ালৰ মাজত 20 হাজাৰ টকাৰ চেক বিতৰণ কৰা হয় ৷

উল্লেখ্য যে, ড্ৰাগছ তথা অন্যান্য অবৈধ ব্যৱসায়ৰ সমান্তৰালকৈ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছিল মানৱ সৰবৰাহকাৰীৰ কবলত পৰা চিৰাঙৰ 42 টাকৈ শিশু ৷ ৩০ জুলাইত চিৰাঙৰ বেংতল কলেজত উপস্থিত হৈ উক্ত 42 টা শিশুৰ অভিভাৱকৰে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মানৱ সৰবৰাহকাৰীৰ কবলত পৰা শিশুৰ পৰিয়ালত চেক বিতৰণ

উক্ত আলোচনাত উপস্থিত থাকি মানৱ সৰবৰাহকাৰী চক্ৰৰ বলি হোৱা প্ৰতিটো পৰিয়াললৈ 20 হাজাৰ টকাৰ চেক প্ৰদানৰ লগতে অৰুণোদয় আঁচনিত সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে বিটিআৰৰ মুখ্য প্ৰমোদ বড়োৱে ৷ সেই প্ৰতিশ্ৰুতি মৰ্মে শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা শিশুৰ পৰিয়ালক ২০ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেংগা) আৰু সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস ৷ বিটিআৰৰ ভিতৰত অতিকৈ পিছপৰা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এইসমূহ অঞ্চলত থলুৱাভাৱে কৰ্ম সংস্থাপন গঢ়ি তুলিবলৈ এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মত প্ৰকাশ কৰে কাৰ্যবাহী সদস্যদ্বয়ে । উল্লেখ্য যে, চিৰাং জিলাৰ দাদগিৰি আৰু ৰুণীখাটাৰ বিস্তৃৰ্ণ অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীয়ে 80 গৰাকী নাবালিকা কিশোৰ-কিশোৰীক ছিকিমলৈ চালান দিছিল ৷

ইয়াৰে ভিতৰত 42 গৰাকী কিশোৰ-কিশোৰীক কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে উত্তৰ ছিকিমৰ পৰা উদ্ধাৰ কৰিছিল ৷ মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত তেওঁলোকক আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ বেষ্টনীত কোকৰাঝাৰ সদৰ চহৰৰ প্ৰশান্তি লজত ৰখা হৈছিল ৷ তাৰ পাচত ৩০ জুলাইত মুখ্যমন্ত্ৰীয়ে চিআইটিৰ প্ৰেক্ষাগৃহত শিশুসকলৰ সতে মত বিনিময় কৰিছিল ৷

লগতে পঢ়ক: মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা শিশুৰ পৰিয়ালৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.