ETV Bharat / state

ঢালিগাঁৱত ৰন্ধন গেছ উৎপাদন প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰী মোডীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটী শোধনাগাৰত পৰীক্ষামূলকভাৱে ৰন্ধন গেছ উৎপাদনৰ প্ৰকল্প কৰা হৈছিল যদিও বঙাইগাঁৱত স্থাপন কৰা প্ৰকল্পটো হৈছে দেশৰ নিজা কাৰিকৰী প্ৰকল্প । ভাৰতীয় তেল নিগমৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ বৌদ্ধিক সম্পত্তি হিচাপে পৰিগণিত হোৱা ইণ্ডমেক্স প্ৰকল্প নিৰ্মাণত ব্যয় হৈছে ২,৫৮২ কোটি টকা ।

Bongigaon refinery indmax inauguration
ঢালিগাঁৱত ৰন্ধন গেছ উৎপাদন প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Feb 22, 2021, 11:01 PM IST

চিৰাং, 22 ফেব্ৰুৱাৰী : চিৰাং জিলাৰ ঢালিগাঁৱস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰত স্থাপন কৰা ইণ্ডমেক্স ইউনিট নামৰ ৰন্ধন গেছ উৎপাদন প্ৰকল্পটো সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নামত উৎসৰ্গা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাৰ্চুৱেলী ৰন্ধন গেছ উৎপাদন কেন্দ্ৰটো উদ্বোধন কৰে । এই উপলক্ষে বঙাইগাঁও শোধনাগাৰৰ উৎপাদন প্ৰকল্প এলেকাৰ ইণ্ডমেক্স ইউনিটত আয়োজিত অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভৃষণ চৌধুৰী, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰ, বঙাইগাঁও শোধনাগাৰৰ মুখ্য কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ প্ৰতীম বৰুৱাসহ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে । এই কাৰ্যসূচীৰ অন্তত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ মানস অতিথিশালাত সংবাদ কৰ্মীসকলৰ সৈতে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অংশ লৈ বঙাইগাঁও শোধনাগাৰৰ মুখ্য কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ প্ৰতীম বৰুৱাই বঙাইগাঁও শোধনাগাৰত স্থাপন হোৱা ইণ্ডমেক্স ইউনিটে অসম তথা উত্তৰৰ ৰাইজৰ ৰন্ধন গেছৰ চাহিদা বহুলাংশে লাঘৱ কৰিব বুলি মত ব্যক্ত কৰে ।

ঢালিগাঁৱত ৰন্ধন গেছ উৎপাদন প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

গুৱাহাটী শোধনাগাৰত পৰীক্ষামূলকভাৱে ৰন্ধন গেছ উৎপাদনৰ প্ৰকল্প কৰা হৈছিল যদিও বঙাইগাঁৱত স্থাপন কৰা প্ৰকল্পটো হৈছে দেশৰ নিজা কাৰিকৰী প্ৰকল্প । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য লোৱাত তেল নিগমে বিশেষ গুৰুত্ব প্ৰদান কৰিছে । ভাৰতীয় তেল নিগমৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ বৌদ্ধিক সম্পত্তি হিচাপে পৰিগণিত হোৱা ইণ্ডমেক্স প্ৰকল্প নিৰ্মাণত ব্যয় হৈছে ২,৫৮২ কোটি টকা । বঙাইগাঁও শোধনাগাৰৰৰ শীৰ্ষ বিষয়া বৰুৱাই দেশৰ ৰন্ধন গেছ উৎপাদন প্ৰকল্পৰ কাৰিকৰী দিশ প্ৰয়োগৰ বাবে ৰাছিয়াৰ চাৰ্ভিয়াত নিমন্ত্ৰণ হৈছে বুলি জানিবলৈ দিয়ে । একেদৰে বঙাইগাঁৱৰ ৰন্ধন গেছ প্ৰকল্পই ৰাজ্যখনৰ ৰন্ধৰ গেছৰ প্ৰয়োজনীয় চাহিদা পঞ্চাশ শতাংশ পূৰণ কৰিব বুলি মত ব্যক্ত কৰে । মত বিনিময়ত বঙাইগাঁও শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ প্ৰৱন্ধক চন্দ্ৰিমা শৰ্মা, সামাজিক উন্নয়ন বিভাগৰ প্ৰৱন্ধক সীতা বৰুৱাই অংশ লয় ।

Bongigaon refinery indmax inauguration
ঢালিগাঁৱত ৰন্ধন গেছ উৎপাদন প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

লগতে পঢ়ক : আলফা এতিয়া গণবিচ্ছিন্ন: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.