ETV Bharat / state

Petrol-Diesel Crisis: বঙাইগাঁও শোধনাগাৰত মজদুৰ ইউনিয়নৰ প্ৰতিবাদ

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ সংকটৰ আশংকা । বঙাইগাঁও তেল শোধনাগাৰ(Bongaigaon Refinery)ৰ সৈতে সংঘাতৰ সৃষ্টি হৈছে মজদুৰ ইউনিয়ন(Mazdoor Union)ৰ । বঙাইগাঁও শোধনাগাৰৰ অনিয়মৰ বিৰুদ্ধে অভিযোগ তুলি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ঢালিগাঁও শাখা মজদুৰ ইউনিয়নে ৷

author img

By

Published : Nov 14, 2021, 6:59 PM IST

assam-petroleum-mazdoor-union-protest-in-chirang
বঙাইগাঁও শোধনাগাৰৰ বিৰুদ্ধে মজদুৰ ইউনিয়নৰ প্ৰতিবাদ

চিৰাং, 14 নৱেম্বৰ : চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও তেল শোধনাগাৰ(Bongaigaon Refinery)ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন(Assam Petroleum Mazdoor Union)ৰ ঢালিগাঁও শাখাই । বঙাইগাঁও শোধনাগাৰত ভাৰতীয় তেল নিগমে দিয়া তালিকা অনুসৰি, নিতৌ তেল টেংকাৰ ভৰ্তি নকৰে বঙাইগাঁও শোধনাগাৰে ।

প্ৰায় তিনিমাহৰ পৰা প্ৰতিদিনে 30/35 খনকৈ প্ৰয়োজনীয় তেল টেংকাৰ ভৰ্তি নকৰি ৰখাই থয় বঙাইগাঁও শোধনাগাৰে । জানিব পৰা মতে, আগদিনৰ টেংকাৰ পিছদিনাহে ভৰ্তি কৰে শোধনাগাৰ কৰ্তৃপক্ষই । ইফালে তেল টেংকাৰৰ চালকসকলে পুৱা 8 বজাৰ পৰাই বঙাইগাঁও শোধনাগাৰৰ আই অ’ চি(IOC) গেটত বহি থাকিবলগীয়া হয় যদিও দিনটোৰ শেষত নিজৰ টেংকাৰ ভৰ্তি নোহোৱাত বিপাঙত পৰিবলগীয়া হয় মজদুৰ ইউনিয়নৰ চালকসকল ।

আজি পৰ্যন্ত একেধৰণৰ ঘটনাই সংঘটিত হৈ আছে শোধনাগাৰটোত । এই ক্ষেত্ৰত ঢালিগাঁও শাখা পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ উপ-সভাপতি কবিৰ আলীয়ে অভিযোগ উত্থাপন কৰি কয় যে, বিগত তিনিমাহৰ পৰাই এই ধৰণৰ খেলিমেলি কৰি আছে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই ।

শোধনাগাৰৰ কৰ্মচাৰীসকলে পুৱা পলমকৈ আহে আৰু বিয়লি 4 বজাৰ পাচতে গুচি যায় । যাৰ ফলত ভাৰতীয় তেল নিগমে দিয়া প্ৰয়োজনীয় তালিকা অনুসৰি টেংকাৰ ভৰ্তি নকৰে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই । আজিলৈকে তালিকা অনুসৰি 25 টা তেল টেংকাৰ ভৰ্তি নকৰাৰ ফলত ক্ষোভিত হৈ শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চালক তথা ঢালিগাঁও শাখা পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে ৷

এই সমস্যাৰ সমাধান নোহোৱালৈ অহা মঙলবাৰলৈকে বন্ধ ৰাখিব তেল টেংকাৰ সৰবৰাহ ৷ প্ৰতিবাদযোগে এই দাবী জনায় ইউনিয়নৰ সভাপতি নেক মহাম্মদ খান আৰু সুজিত মণ্ডলে । ইফালে শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে ইউনিয়নে যোগাযোগ কৰাত বঙাইগাঁও শোধনাগাৰৰ মাৰ্কেটিং বিভাগৰ মুখ্য প্ৰৱন্ধকগৰাকীয়ে তেওঁ ছুটীত থকা বুলি উল্লেখ কৰে ৷

আনহাতে, সহকাৰী প্ৰৱন্ধক(সমন্বয়ক) প্ৰভাত চন্দ্ৰ ৰাভাই সংবাদ মাধ্যমৰ পৰা আঁতৰি মন্তব্য কৰাৰ পৰা বিৰত থাকে । সেয়েহে যিকোনো মূহুৰ্ততে ৰাজ্যৰ তেল ডিপোসমূহত পেট্ৰ’ল-ডিজেলৰ সংকটে দেখা দিব বুলি আশংকা কৰা হৈছে ।

লগতে পঢ়ক : বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.