ETV Bharat / state

এবছুৰ চিৰাং জিলা সমিতিৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন - এবছুৰ বাৰ্ষিক অধিৱেশন

এবছুক গালি নাপাৰিলে চন্দন ব্ৰহ্মৰ পেটত ভাত নাযায় লগতে এবছুৰ সৈতে সংঘাত কৰাতকৈ মন্ত্ৰীত্বৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ মন্ত্ৰী চন্দন ব্ৰহ্মক সকীয়াই দিয়ে প্ৰমোদ বড়োই ৷ ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চলি থকা আন্দোলনত এবছুৰ সম্পূৰ্ণৰূপে সমৰ্থন আছে যদিও কিছু অসুবিধাৰ কাৰণে প্ৰত্যক্ষভাৱে আন্দোলনত থাকিব পৰা নাই ৷

এবছুৰ অধিৱেশন
এবছুৰ বাৰ্ষিক অধিৱেশন
author img

By

Published : Jan 10, 2020, 11:13 PM IST

চিৰাং, 10 জানুৱাৰী: বৃহস্পতিবাৰৰ পৰা ভাৰত-ভূটান সীমান্তৰ আমটেকাত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ চিৰাং জিলা সমিতিৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় আৰু অন্তিম দিন ৷ শুকুৰবাৰে দলৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে চিৰাং জিলা সমিতিয়ে ৷ পৰৱৰ্তি সময়ত এই অধিবেশনত ছাত্ৰ সন্মীলন, কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ লগতে সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷ এই অধিৱেশনত এবছুৰ নেতৃত্ববৰ্গৰ লগতে সকলো কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

চিৰাং
এবছুৰ বাৰ্ষিক অধিৱেশন

উল্লেখ্য যে, চিৰাং জিলা এবছুৰ এই অধিৱেশনত পুৰণি জিলা সমিতি ভংগ কৰি নতুন সমিটি গঠন কৰা হয় । ইয়াৰোপৰি অধিৱেশনখনৰ প্ৰতিনিধি সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে। বিয়লি দুই বজাত খনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত কেন্দ্ৰীয় মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে মুকলি সভাৰ উদ্ধোধনী কৰে। মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে এবছুৰ সভাপতি প্ৰমোদ বড়ো, নিৰ্দিষ্ট বক্তা হিচাবে থাকে এন ডি এফ বি (প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰী লগতে বড়ো জাতীয় বিভিন্ন দল সংগঠনৰ নেতৃত্ব । কেবাহেজাৰ লোকে অংশগ্ৰহন কৰে মুকলি সভাত ।

লগতে পঢ়ক: খেলো ইণ্ডিয়া, 2020 ত অসমৰ হৈ উপাসাৰ প্ৰথমটো পদক দখল

বিগত ৭ জানুৱাৰীত চিৰাঙৰ দৈজিং উৎসৱৰ সামৰণি অনুষ্ঠানত জাতীয় সংগঠন এবছুক মন্ত্ৰী চন্দন ব্ৰহ্মই গালি দিয়াৰ প্ৰত্যুত্ততৰ উক্ত সভাত উপস্থিত হৈ নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সভাপতি প্ৰমোদ বড়োৱে মন্ত্ৰী চন্দন ব্ৰহ্মক উদ্দেশ্যি সংবাদ মাধ্যমৰ আগত বিভিন্ন মন্তব্য কৰে ৷ এবছুক গালি নাপাৰিলে চন্দন ব্ৰহ্মৰ পেটত ভাত নাযায় লগতে এবছুৰ সৈতে সংঘাত কৰাতকৈ মন্ত্ৰীত্বৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ মন্ত্ৰী চন্দন ব্ৰহ্মক সকীয়াই দিয়ে প্ৰমোদ বড়োই ৷ ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চলি থকা আন্দোলনত এবছুৰ সম্পূৰ্ণৰূপে সমৰ্থন যদিও কিছু অসুবিধাৰ বাবে প্ৰত্যক্ষভাৱে আন্দোলনত থাকিব পৰা নাই বুলি মন্তব্য কৰে প্ৰমোদ বড়োই ৷ আনহাতে সংবাদ মাধ্যমৰ আগত ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈয়ো বহু তথ্য দাঙি ধৰে ছাত্ৰনেতাগৰাকীয়ে ৷ উচ্চ ন্যায়ালয়ে ৰায় দান কৰাৰ পিচতো ট্ৰাইবেল বেল্ট আৰু ব্লকক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু এই সমস্যা বহু দশকৰ বুলি কয় প্ৰমোদ বড়োই ৷

Intro:চিৰাং জিলা এবছুৰ অধিৱেশন উদুলিমুদুলি আমটেকাৰ পুৰ্ণীমা ফৌথাৰ ।

চন্দন ব্ৰহ্ম এবছুক গালি নিদিলে তেওঁৰ পেটত ভাত নাজায়__প্ৰমোদ বড়ো ।

Body:চন্দন ব্ৰহ্ম এবছুক গালি নাপাৰিলে তেওঁৰ পেটত ভাত নাজায়, এয়া নতথন কথা নহয় বুলি কয় নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সভাপতি প্ৰমোদ বড়োয়ে । তেওঁ আৰু কয় যে চন্দন ব্ৰহ্ম আৰম্ভনিৰ পৰাই এবছুৰ সৈতে সংঘাতত আহিছে । কিন্ত ইয়াৰ পৰা তেওঁৰ বহু লাভ হৈছে যে সেয়াও আমি দেখা নাই বুলি কয় এবছুৰ সভাপতিজনে । তেওঁ চন্দন ব্ৰহ্মক উদ্দেশ্যি কয় যে এই দৰে সংঘাত কৰি লাভ নাই । ৰাইজৰ কাম কৰক। ৰাজ্যৰ এটা গধুৰ দায়িত্ব পাইছে মন্ত্ৰিত্ব । এই মন্ত্ৰিত্বৰ দ্বাৰা তেওঁ সমাজৰ বহু উন্নয়ন কৰিব পাৰে। সমাজ আগুৱাই লব পাৰিব,শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপুৰ্ণ কাম কৰিব পাৰিব, শৈক্ষিক সমস্যা সমাধান কৰিব পাৰিব,আৰ্সাথ-মাজিক দিশত কাম কৰিব পাৰে । তাকে নকৰি আবোল তাবোল বকি লাভ নাই আৰু এয়া সামাজিক কাম নহয় বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি প্ৰমিদ বড়োই। এইখিনিতে কব লাগিব যে যোৱা ৭ জানুৱাৰী চিৰাঙৰ দৈজিং উৎসৱৰ সামৰনি অনুষ্টানত জাতীয় সংগঠন এবছুক মন্ত্ৰী চন্দন ব্ৰহ্মই গালি দিয়াৰ প্ৰত্যুত্তৰ হিচাবে এই দৰে কয় এবছুৰ সভাপতিজনে ।
নাগৰিকত্ব সংশোধনি আইন সন্দৰ্ভত চলি থকা আন্দোলনৰ বিষয়ে ছাত্ৰ নেতাজনে কয় যে এই আন্দোলনত আমাৰো সমৰ্থন আছে । যি আইনে অসমীয়াৰ অস্থিত্ব বিপন্ন কৰিব সেই আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলিয়ে থাকিব । আমি কিছু অসুবিধাৰ কাৰনে প্ৰত্যক্ষ ভাৱে আন্দোলনত থাকিব পৰা নাই । আমিয়ো দেশত জাতিগত বা ধৰ্মীয় দিশত বিভাজন নিবিচাৰো । এই ক্ষেত্ৰত চৰকাৰে পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি দাবী জনায় । ট্ৰাইবেল বেল্ট আৰু ব্লক উচ্ছেদ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায় বিষয়ে এবছুৰ সভাপতি জনে কয় যে এয়া আজিৰ কথা নহয় । বহুবাৰেই উচ্চ ন্যায়ালয়ে ৰায় দান কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন কৰা হোৱা নাই । ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বহু ঠাইত বেদখল হৈছে তাৰ বাবে আন্দোলনো হৈছে কিন্ত বাস্থৱত কোনো ফলাফল দেখা নাই বুলি কয় । বহু দশকৰ পৰা এই সমস্যাৰ সমাধান হোৱা নাই । ইয়াৰ নামত কোনো জাতী জনগোষ্টীৰ হাৰাশাস্থি আমু বিচৰা নাই । এই বিষয়ে কোনেও শংকিত হব নালাগে । জনজাতীৰ ভূমি সুৰক্ষিত হব লাগে । সুৰক্ষিত নোহোৱাৰ বাবেই বিভিন্ন সময়ত সংঘাত হৈছে । গতিকে ইয়াক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰো আৰু হবও নালাগে । ন্যায়ালয়ৰ ৰায়বকোনো জাতিগোষ্টীৰ বিৰুদ্ধে হব নোৱাৰে। গতিকে আমি মিলিজুলি থকাটোহে আমাৰ মুল লক্ষ্য হোৱা উচিত বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি প্ৰমিদ বড়োয়ে । তেওঁ বিটিচি নিৰ্ব্বাচন সন্দৰ্ভত কয় যে নিৰ্বাচন আহিছে গৈছে । গতিকে ইয়াত আমাৰ একো কবলগীয়া নাই। মাথো যোৱা ১৫ টা বছৰত বিটিচিৰ ৩১ লাখ জনসাধাৰনে কি পালে বা নাপালে সেই বিষয়ে ৰাইজে গুৰুত্বপুৰ্ণ ভূমিকা লব লাগিব বুলিও কয় ছাত্ৰ নেতাজনে । ৰাষ্ট্ৰীয় ঘা পথৰ টোল গেট সন্দৰ্ভত কয় যে উপযুক্ত কাৰনত ন্যাৰ্য ভাৱে টোলগেট চলিলে আমাৰ কবলগীয়া নাই কাৰন ভাৰতবৰ্ষৰ সকলো ঠাইতে আছে । গতিকে সঠিক ভাৱে চলাটো আমি বিচাৰো । কিন্ত টোলগেটৰ নামত কোনো লোকে যদি অন্যায় ভাৱে ব্যৱসায় চলাই অধিক হাৰত মাচুল সংগ্ৰহ কৰে সেয়া আমি নামানো । আমি বিচাৰো সৰু সৰু গাড়ী সমুহক ৰেহাই দিব লাগে স্থানীয় বাহন আৰু ব্যাক্তিগত বাহন ৰেহাই দিব লাগে । ডাঙৰ ডাঙৰ ব্যৱসায়িক বাহনৰ পৰা টোল টেক্স লওক আৰু উপযুক্ত ভাৱে চৰকাৰৰ ঘৰত টকা সমুহ জমা কৰাটো আমি বিচাৰো বুলি কয় এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে ।
এন ডি এফ বি প্ৰগতিশীলৰ নেতা গোবিন্দ বসুমতাৰীয়ে কয় যে বিটিচি নিৰ্বাচন সমাগত । যদিহে কোনো বিঘিনি নঘটে তেন্তে অহা এপ্ৰিল মাহতেই বিটিচিৰ পৰিষদীয় নিৰ্বাচন হব । এতিয়ালৈ আমি বিটিচি নিৰ্ব্বাচন সন্দৰ্ভত এন ডি এফ বি (প্ৰ)ই কোনো ধৰনৰ সিদ্ধান্ত গ্ৰহন কৰা নাই বুলি স্পষ্ট কৰি দিয়ে । যিহেতু তিনি/চাৰি মাহ আছে সেয়ে যদিহে কাৰোবাক সহায় কৰিব লাগে তেন্তে এবছু,এন ডি এফ বি (প্ৰ),পিপলচ জইন্ট এক্সন কমিটী ফোৰ বড়োলেণ্ড মুভমেন্ট একেলগে সিদ্ধান্ত গ্ৰহন কৰিব। লগতে কয় যে আমাৰ লগত ইতিমধ্যে ইউপি পি এল নামৰ ৰাজনৈতিক দল আছেই সেইকাৰনে আটায়ে একেলগে আলোচনা মৰ্মেহে সিদ্ধান্ত লোৱা হব । ট্ৰাইবেল বেল্ট এণ্ড ব্লক সন্দৰ্ভত এবছুৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে সুৰ মিলাই কয় যে এয়া কেৱল বিটিচিৰ বাবে নহয় সমগ্ৰ অসমতে প্ৰযোজ্য হব । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত অসম চৰকাৰৰ গৃহ বিভাগেহে সিদ্ধান্ত লব । ট্ৰাইবেল বেল্ট এণ্ড ব্লক বেদখল মুক্ত হোৱাটো সকলো জনজাতীয় লোকেই বিচাৰে । বেদখল মুক্ত কৰিবলৈ কোনো জাতী জনগোষ্টীক টাৰ্গেট কৰি লোৱাটো আমি নিবিচাৰো বুলি স্পষ্ট কৰি দিয়ে । তেওঁ আৰু কয় যে অসমৰ ৪৭ টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চলত প্ৰায় ৮৮ লাখ বিঘা মাটী আছে । ইয়াৰে মৰিগাঁও,নগাঁও,তিনিচুকীয়া ইত্যাদি অঞ্চলতো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে গতিকে ৰাজ্য চৰকাৰে যধে মধে উচ্ছেদ কৰাটোও আমি নিবিচাৰো বুলি কয় বসুমতাৰীয়ে ।

বাইট : প্ৰমোদ বড়ো , এবছু সভাপতি ।
গোবিন্দ বসুমতাৰী , এন ডি এফ বি (প্ৰ) নেতা।

Conclusion:চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশন । ৯ আৰু দহ জানুৱাৰী দুদিনীয়া কাৰ্য্যসুচিৰে চিৰাং জিলা এবছুৰ অধিৱেশন ভাৰত-ভূটান সীমান্তৰ আমটেকাৰ পুৰ্ণীমা ফৌথাৰত অনুষ্টিত হৈছিল । আজি অন্তিম দিনৰ কাৰ্য্যসুচিৰ শুভাৰম্ভ হৈছিল দলীয় পতকা উত্তোলনেৰে । জিলা সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ে পতকা উত্তোলন কৰাৰ পিচতে কেন্দ্ৰীয় সম্পাদক ফনিন বড়োয়ে শ্বহিদ তৰ্পনৰ আত ধৰে । ইয়াৰ পিচতেই অনুষ্টিত হয় ছাত্ৰ সন্মিলন । ৰাজু কুমাৰ ব্ৰহ্মৰ সঞ্চালনাত অনুষ্টিত এই অনুষ্টানত এবছুৰ কেন্দ্ৰীয় সমিতিয়ে আয়োজন কৰা টেলেন্ট চাৰ্চ পৰিক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্ত প্ৰকাশ বৰকাকতিয়ে এই এই অনুষ্টানত মুখ্য অতিথি হিচাবে থকাৰ লগতে কনিষ্ট বৈজ্ঞানিক ড°জৌংসাৰ ব্ৰহ্ম ,অভিনেতা ফৈলাৱ জে ব্ৰহ্ম। এই অনুষ্টানত বিশেষকৈ "বড়ো মাধ্যমৰ শৈক্ষিক পৰিৱেশ" শীৰ্ষক আলোচনাচক্ৰ অনুষ্টিত হয় ।

চিৰাং জিলা এবছুৰ এই অধিৱেশনত পুৰনা জিলা সমিতি ভঙ্গ কৰি নতুন কমিটী গঠন কৰে । আচলতে পুৰনা সমিতিখনকে কিছু সাল সলনি কৰি সভাপতি সম্পাদকক বাহাৰ ৰাখি গঠন কৰে । একেদৰেই নিচিমা আঞ্চলিক সমিতি খনো কিছু সালসলনি কৰি গঠন কৰে যত সভাপতি আৰু সম্পাদক পথৰ্বৰ জনেই বাহাল থাকে । অধিৱেশনৰ প্ৰতিনিধি সভাত গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে । সিদ্ধান্ত সমুহ ক্ৰমে প্ৰতিবছৰেই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাতীক বিনামুলীয়া পাঠ দান কৰিছিল । এতিয়াৰে পৰা প্ৰাথমিক বিদ্যালয়,মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামুলীয়া পাঠদানৰ ব্যৱস্থা কৰিব । প্ৰতিবছৰেই বিভিন্ন ক্ৰীড়া সাঙুৰি ক্ৰীড়া সপ্তাহ অনুষ্টিত কৰিব, প্ৰতি দুবছৰ মুৰে মুৰে কৃতি শিক্ষক বাচনি কৰি সম্বৰ্ধনা জনাব একেদৰেই কৃতি খেতিয়ক বাচনি কৰি সম্বৰ্ধনা জনাব,প্ৰতি বছৰেই বিহুৰ পুৰ্বে কৰ্মশালা অনুষ্টিত কৰি বৈশাগু ফৰব অনুষ্টিত কৰিব। বিদ্যালয় সমুহত শিক্ষা বৰ্ষৰ আৰম্ভনিতে পাঠ্যপুথি বিতৰনৰ দাবী জনায়,বন গাঁও সমুহত দীৰ্ঘ দিনৰ পৰা বসবাস কৰা লোক সকলক মাটীৰ পাট্টা প্ৰদানৰ দাবী জনায়,অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবী জনাই সিদ্ধান্ত গ্ৰহন কৰে যে মদ,জুৱা,তিৰ আৰু অন্যান্য অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে বহল ভিত্তিত সজাগতাৰ সৃষ্টীৰ সিদ্ধান্ত গ্ৰহন কৰে । প্ৰতি বছৰেই বিভিন্ন বিষয় সাঙুৰি কেৰিয়াৰ মেলা অনুষ্টিত কৰিব লগতে অন্যান্য গুৰুত্বপুৰ্ণ কেৱাটাও সিদ্ধান্ত গ্ৰহন কৰে প্ৰতিনিধি সভাত ।
বিয়লি দুই বজাত খনিন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত কেন্দ্ৰীয় মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে উদ্ধোধন কৰা মুকলি সভা অনুষ্টিত হয়। মুকলি সভাৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকে এবছুৰ সভাপতি প্ৰমোদ বড়ো,নিৰ্দিষ্ট বক্তা হিচাবে থাকে এন ডি এফ বি (প্ৰ)ৰ নেতা গোবিন্দ বসুমতাৰী লগতে বড়ো জাতীয় বিভিন্ন দল সংগঠনৰ নেতৃত্ব । কেবাহেজাৰ লোকে মুকলি সভাত অংশগ্ৰহন কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.