ETV Bharat / state

27th ABSU anti terrorism day: এবছুই সন্ত্ৰাসবাদৰ বিৰোধিতা কৰা বাবে শান্তি প্ৰতিষ্ঠা হৈছে; প্ৰমোদ বড়ো - নিখিল বড়ো ছাত্ৰ সন্থা

১৯৯৬ চনত ৩০ জুলাইত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল এবছুৰ সভাপতি জৌহৌলাও সৌম্বলা বসুমতাৰী । তেতিয়াৰে পৰাই এবছুই তেওঁৰ স্মৃতিত পালন কৰি আহিছে সন্ত্ৰাসবাদ বিৰোধী দিৱস ।

Anti Terror Day observed at ABSUs initiative
জৌহৌলাও সৌম্বলা বসুমতাৰীৰ মৃত্যু তিথি পালন
author img

By

Published : Jul 30, 2023, 5:38 PM IST

জৌহৌলাও সৌম্বলা বসুমতাৰীৰ মৃত্যু তিথি পালন

চিৰাং, ৩০ জুলাই: চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটবৰ্তী গয়াবাৰীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত জৌহৌলাও সৌম্বলা বসুমতাৰীৰ মৃত্যু তিথি পালন কৰা হয় । প্ৰতিবছৰে এই দিনটোক সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে ।

উল্লেখ্য় যে এবছুৰ প্ৰয়াত সভাপতি জৌহৌলাও সৌম্বলা বসুমতাৰীক আজিৰ দিনটোতে ১৯৯৬ চনত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল । ইয়াৰ পিচৰে পৰাই এবছুই তেওঁৰ স্মৃতি দিৱসত সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ।

জৌহৌলাও সৌম্বল বসুমতাৰীৰ গয়াবাৰী সমাধিক্ষেত্ৰত আয়োজিত ২৭ সংখ্যক সন্ত্ৰাস বিৰোধী দিৱসৰ কাৰ্যসূচীত প্ৰথমে এবছুৰ সভাপতি দ্বীপেন বড়োয়ে এবছুৰ পতাকা উত্তোলন কৰে । তাৰ পিচতে সৌম্বলা বসুমতাৰীৰ পত্নী ভানু বসুমতাৰীয়ে মাল্যাৰ্পনেৰে স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে ।

এই অনুষ্ঠানটোত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে অংশগ্ৰহ কৰি কয়," এবছুক ধন্যবাদ দিবই লাগিব । কাৰণ পৰিস্থিতি যিয়েই নহওক, সকলো প্ৰত্যাহ্বানক নেওচি এবছুয়ে সন্ত্ৰাসবাদৰ বিৰোধিতা কৰি অহাৰ বাবেই আজি সমাজত শান্তি প্ৰতিষ্ঠা কৰা সম্ভৱ হৈছে ।"

এতিয়া সমাজত অস্ত্ৰৰ সনলি ড্ৰাগছ আৰু মানৱ সৰবৰাহৰ দৰে ঘটনাই সন্ত্ৰাৰ ৰূপ লৈছে যাক আমি সকলোৱে মিলি প্ৰতিহত কৰিব লাগিব বুলি কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । আজিৰ সন্ত্ৰাস বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এবছুয়ে আয়োজন কৰা ৰক্তদান শিবিৰত ৰক্তদান কৰে প্ৰমোদ বড়োয়ে ।

সন্ত্ৰাস বিৰোধী দিৱসত এবছুৰ সভাপতি দ্বীপেন বড়োয়ে কয়,"আজিৰ দিনটো আমাৰ কাৰণে অতিকে স্মৰণীয় দিন। কিয়নো সন্ত্ৰাসৰ বিৰোধিতা কৰি ১৯৯৬ চনত এবছুৰ সভাপতি জৌহৌলাও সৌম্বলা বসুমতাৰীয়ে উগ্ৰপন্থীৰ গুলিত নিহত হ'বলগীয়া হৈছিল । সেয়ে তেওঁৰ মৃত্যু তিথি আমি যোৱা ২৭ বছৰৰ পৰা সন্ত্ৰাস বিৰোধী দিৱস হিচাবে পালন কৰি আহিছো।" এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি জ্য়েষ্ঠ সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপে কয় যে এবছুৰ এই সন্ত্ৰাস বিৰোধী দিৱস সফল হৈছে ।

লগতে পঢ়ক: Scam in Jal Jeevan Mission: কলগাছিয়াৰ চৰচৰীয়া চৰত জলজীৱন মিছনত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.