ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - 5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Dec 22, 2022, 5:01 PM IST

Sahitya Akademi 2022: গল্পকাৰ-সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা

গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা (Sahitya Akademi to Manoj Kumar Goswami) ৷ জনপ্ৰিয় লেখকগৰাকী এই সন্মান লাভ কৰাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ সংবাদ জগতৰ লগতে গোস্বামীৰ লেখনিত মুগ্ধ গ্ৰন্থপ্ৰেমী ৷

AASU Pratima Pandey Award: একলব্য গামলৈ আছুৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা এই বছৰ প্ৰদান কৰা হৈছে ধেমাজিৰ লোক-সংস্কৃতিৰ সাধক, প্ৰবীণ শিল্পী, একনিষ্ঠ সাংস্কৃতিক সংগঠক একলব্য গামলৈ (Pratima Pandey Award 2022 to Akalabya Gam) ৷

Horrific Incident at Khanapara : খানাপাৰাত উদণ্ড যুৱকে চুলিত ধৰি চোঁচৰালে যুৱতীক

খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত বুধবাৰে নিশা সংঘটিত হয় ভয়ঙ্কৰ ঘটনা (Horrific incident at khanapara) । উদণ্ড যুৱকে কাৰ ষ্টাণ্ট কৰি চুলিত ধৰি চোঁচৰাই নিলে এগৰাকী যুৱতীক ।

FSSAI Eat Right Campus award: ৰামোজী ফিল্ম চিটিয়ে লাভ কৰিলে ইট ৰাইট কেম্পাছ বঁটা

হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ পৰা লাভ কৰিছে ‘ইট ৰাইট কেম্পাছ বঁটা’ (Eat Right Campus Award) ।

Fortnight for Development: শনিবাৰে টিংখাঙলৈ মুখ্যমন্ত্ৰী

অসমক‌ ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ শাৰীত উন্নীত ‌কৰাৰ অংশ স্বৰূপে "বিকাশৰ বাবে এটা পষেক" শীৰ্ষক এক অনুষ্ঠানত অহা ২৪ ডিচেম্বৰত টিংখাঙত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Fortnight for Development at Tingkhang) । টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় (Kuwarigaon Higher Secondary School ) খেলপথাৰত অনুষ্ঠিতব্য় উক্ত কাৰ্যসূচীত মূখ্যমন্ত্ৰীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব । মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি কৰ্মকৰ্তাসকলে ।

A child model from Amguri: চাৰি বছৰ বয়সতে ৰেম্পত খোজ কঢ়া এগৰাকী কণমানি মডেল

আমগুৰিৰ ডনবস্ক' স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী উন্মনাই অসমৰ বিভিন্ন প্ৰান্তত লাভ কৰিবলৈ সক্ষম হৈছে মৌ-কুঁৱৰীৰ লগতে Kids Modelling Winner খিতাপ । আমগুৰি চাংমাই গাঁৱৰ নিবাসী মনোজ কোঁৱৰ আৰু জুপিতৰা কোঁৱৰৰ কন্যা উন্মনাৰ সপোন এগৰাকী সফল মডেল হোৱাৰ ।

Dangerous Boat Journey: শদিয়াত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা

টুলুঙা নাৱেৰে এক বিপজ্জনক যাত্ৰা শদিয়া সমষ্টিৰ এটা অঞ্চলত (dangerous boat journey in Sadiya constituency) ৷ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত যে প্ৰতিশ্ৰুতি হৈয়ে থাকে তাৰে এক নিদৰ্শন এয়া ৷

PMAY Scam in Dibrugarh : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়ত (PMO letter to Dibrugarh on PMAY scam) । ডিব্ৰুগড়ৰ চিৰিং ডাইনীজান গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ।

Hindu-Muslim bonhomie: মন্দিৰ চৌহদত একেলগে শিক্ষা আহৰণ দুই ধৰ্মৰ শিক্ষাৰ্থীৰ

মন্দিৰ চৌহদত পাঠদান কৰি একতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে এখন চৰকাৰী বিদ্যালয়ে ৷ বিদ্যালয়খনৰ নিজা ভৱন নথকাত কেইবা বছৰ কোনো ভেদাভেদ নকৰাকৈ দুই সম্প্ৰদায়ৰ শিক্ষাৰ্থীক একেলগে পাঠদান কৰি আহিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই(Muslim students study on temple premises) ।

Sensational murder case: ভাড়া গাড়ীৰ চালকক হত্যা কৰি গাড়ী লৈ পলায়ন দুৰ্বৃত্তৰ

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন কলেজৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয় (Murder case at Moran)৷ জানিব পৰা অনুসৰি মৃত ব্যক্তিজন অৰুণাচলৰ দেউমাৰিৰ ৰাজেশ শ্বাহ বুলি জানিব পৰা গৈছে (Rajesh Shah mysterious death) ৷ গাড়ীৰ ভাড়া মাৰিবলৈ মৰাণলৈ আহিছিল লোকজন ৷ তিনিজন ব্যক্তিয়ে গাড়ী ভাড়া কৰি মৰাণলৈ আনিছিল লোকজনক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.