ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 বাতৰি - top 10 at 3pm

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি
3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 13, 2021, 2:58 PM IST

উপ-নিৰ্বাচন : ফণী তালুকদাৰৰ বিৰুদ্ধে ভুল তথ্য দাখিলৰ অভিযোগ

তৃণমূল কংগ্ৰেছৰ দাবী, মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত ভুল তথ্য দিছে ফণী তালুকদাৰে । এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছে এক অভিযোগ ।

ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

হিমা দাসৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ উপস্থিতি ৷ মঙলবাৰে ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহে এথলিট গৰাকীৰ ৷

ৰাজকন্যা কাণ্ড : যোছেফ মাৰাকৰ কৃত্রিম ভৰি লগোৱাৰ দায়িত্ব ল'লে ৰাজ্য চৰকাৰে

ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সংঘটিত কৰা দুৰ্ঘটনাৰ বাবে দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকক কৃত্ৰিম ভৰি প্ৰদানৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে যোছেফ ৷

ঐতিহ্যমণ্ডিত কামেশ্বৰী আইৰ থানত মহাষ্টমী পূজা

ধেমাজি নগৰত দুৰ্গা পূজাক লৈ উখল-মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলতো আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ ধেমাজিৰ গ্ৰামাঞ্চলৰ বঙালমাৰী মিচিং গাঁৱস্থিত ঐতিহাসিক কামেশ্বৰী আই থানত মহাষ্টমী পূজাৰ উপলক্ষে বুধবাৰে বৃদ্ধি পাইছে ভক্তৰ ভিৰ ৷ এই থানত হাঁহ, পাৰ, কুকুৰা, ছাগলী বলি দি দেৱী দুৰ্গাৰ আশীষ গ্ৰহণ কৰিবলৈ ধেমাজিৰ বিভিন্ন প্ৰান্তত সমবেত হৈছে ৷ পুৱাৰে পৰা কামেশ্বৰী আই থানত অব্যাহত আছে বলি-বিধান ৷ সাধাৰণতে পূজাৰ মণ্ডপত ঢাক বজোৱাৰ বিপৰীতে এই থানত বজোৱা হয় ঢোল-দগৰ-বৰতাল ৷

যোৰহাটত উপস্থিত Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল‘ৰিনা গগৈ

যোৰহাটত উপস্থিত Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল’ৰিনা গগৈ । Super Dancer Chapter 4 ত প্ৰথম স্থান লাভ কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢিয়াই অনা ফ্ল’ৰিনা গগৈ বুধবাৰে উপস্থিত হয় গৃহ চহৰত । যোৰহাটৰ বৰুৱা চাৰিআলিত যোৰহটীয়া ৰাইজে সম্বৰ্ধনা জনাই ফ্ল’ৰিনাক ৷ তাৰ পাচতেই যোৰহাটৰ পৰা মৰিয়নীলৈ এক বিশাল ৰেলী বাহিৰ কৰে ফ্ল’ৰিনা গগৈ ফেন ক্লাবে ৷

GMCH ৰ পৰা ৰিলিজ দিয়া হৈছে ৰৌণক আলী হাজৰিকাক

পুনৰ জেৰাৰ সন্মুখীন হ'ব নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা । জি এম চি এইচত বিগত এসপ্তাহ ধৰি চলা চিকিৎসাৰ পাছত তেওঁক ৰিলিজ দিয়া হয় । বৰ্তমান তেওঁ সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আকাশলংঘী মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে মিঠাইৰ ব্যৱসায়ীক

সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সম্প্ৰতি মাধমাৰ শোধাইছে জনতাৰ মূৰত ৷ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰতো ৷ যাৰ বাবে পূজাৰ বতৰত মিঠাই কিনিবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ অত্যাধিক হাৰত বৃদ্ধি পাইছে মিঠাইৰ দাম ৷

আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক লখিমপুৰৰ খেৰীৰ ঘটনা সন্দৰ্ভত এখন বিতং প্ৰতিবেদন দাখিল কৰিব ৷

আৰিয়ান খান ক্ৰুজ ড্ৰাগছ গোচৰত প্ৰধানমন্ত্ৰীক লক্ষ্য শত্ৰুঘ্ন সিনহাৰ

আৰিয়ান খান(Aryan Khan)ক সমৰ্থন বলীউডৰ প্ৰসিদ্ধ অভিনেতা তথা ৰাজনৈতিক নেতা শত্ৰুঘ্ন সিনহা(Shatrughan Sinha)ৰ ৷ বৰ্তমান আৰিয়ানৰ পিতৃ কিং খান শ্বাহৰুখ খানক ছবিজগতৰ যথেষ্ট সমৰ্থনৰ প্ৰয়োজন ৷ কিন্তু গোডী মিডিয়া(Godi Media)ৰ বাবে কোনেও সমৰ্থনৰ বাবে আগবাঢ়ি আহিবলৈ সাহস কৰা নাই বুলি এক সাক্ষাৎকাৰযোগে মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷

কাটাৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ডেনমাৰ্কৰ

ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা দ্বিতীয়টো দল হৈছে ডেনমাৰ্ক ৷ ইয়াৰ পূৰ্বে জাৰ্মানীয়ে ফিফা বিশ্বকাপত স্থান নিশ্চিত কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.