মৰাণ, 22 জুলাই : অসম প্ৰদেশ কংগ্ৰেছ কমিটী(APCC)ত মোক্ষম আঘাত হানি ইজনৰ পিছত সিজনকৈ বহু কংগ্ৰেছী নেতা-বিধায়কে বিজেপিত যোগদান কৰিছে ৷ এই দীঘলীয়া তালিকাখনত শেহতীয়াকৈ সন্নিবিষ্ট হ’ব বুলি চৰ্চাত থকা এটা নাম হৈছে থাওৰা সমষ্টিৰ যুৱ বিধায়ক সুশান্ত বৰগোহাঁই ৷ সৌ সিদিনালৈ কংগ্ৰেছৰ দূৰ্গ সদৃশ হৈ থকা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ লগে লগেই চৰ্চালৈ আহিছিল সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছৰ হাত এৰি গেৰুৱা বসন পিন্ধাৰ প্ৰস্তুতি চলোৱাৰ খবৰ ৷
এই খবৰ ওলোৱাৰ পাছতে কংগ্ৰেছৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্ব(congress high command)ই বিধায়কজনক দিল্লীলৈ তলব কৰিছে বুলি জানিব পৰা গৈছে । অৱশ্যে, বিজেপিত যোগদানৰ প্ৰসংগত কৌশলী স্থিতি অৱলম্বন কৰি সুশান্ত বৰগোহাঁয়ে পূৰ্বৰ দৰেই কয় যে, সদ্যহতে তেওঁ তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই । যদি এনে সিদ্ধান্ত থাকে পলায়নবাদী স্থিতি গ্ৰহণ নকৰাকৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক জনাই হে এই কাম কৰিব ৷
একাংশ বিজেপি মন্ত্ৰী-বিধায়কৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠতাৰ বাবেই এইকথা মাজে মাজে চৰ্চালৈ আহে বুলিও মন্তব্য কৰে তেওঁ ৷ বিধায়ক বৰগোঁহাই একালৰ প্ৰবল প্ৰতাপী কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ সৈতে যথেষ্ট ঘনিষ্ঠ হোৱাৰ কথা সকলোৱে জানে ৷
বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা কিম্বা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ দৰেই তথাকথিত দাদা বিগ্ৰেডৰ বৰগোঁহাই এগৰাকী অন্যতম সদস্য হোৱাৰ কথাও সৰ্বজন বিদিত ৷ ৰূপজ্যোতি কুৰ্মীৰ দৰেই উজনিত কংগ্ৰেছৰ এজন অন্যতম শক্তিশালী নেতা সুশান্ত বৰগোঁহাই ৷ এতিয়া তেওঁ যদি কংগ্ৰেছৰ হাত এৰি গেৰুৱা বসন পিন্ধে তেতিয়া হ’লে সমগ্ৰ উজনিত বিজেপিৰ অশ্বমেধৰ ঘোঁৰা ৰখোৱাৰ সাহস কৰিব পৰা নেতাৰ অভাৱ নিশ্চয় অনুভৱ কৰিব কংগ্ৰেছে ৷
লগতে পঢ়ক : প্ৰভূত্ব বিস্তাৰৰ বাবেই জনসংখ্যা বৃদ্ধিৰ অভিযান মুছলমানৰ : মোহন ভাগৱত