ETV Bharat / state

Lurinjyoti Gogoi on Dipanka Nath: দীপাংক নাথে অজাপত যোগদান কৰিব বুলি আশাবাদী লুৰীণজ্যোতি গগৈ

author img

By

Published : Dec 17, 2022, 9:56 PM IST

আছুৰ সদ্য পদত্যাগী সভাপতি দীপাংক নাথে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি আশাবাদী লুৰীণজ্যোতি গগৈয়ে ৷ গগৈয়ে আশা কৰে যে, দীপাংক কুমাৰ নাথে জাতীয় পৰিষদত যোদ দি দ্বায়িত্ব বহন কৰিব (Lurinjyoti Gogoi on Dipanka Nath)৷

Lurinjyoti Gogoi on Dipanka Nath
দীপাংক নাথে অজাপত যোগদান কৰিব বুলি আশাবাদী লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 17 ডিচেম্বৰ : বৈবাহিক জীৱনৰ প্ৰস্তুতিৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰাৰ পাছৰে পৰা দীপাংক নাথক লৈ অব্যাহত আছে ৰাজনৈতিক সমীকৰণ ৷ আছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ৰাজনৈতিক পথাৰত ভৰি দিব বুলি ওলোৱা বাতৰিৰ পাছতে আলোচনা হৈছে দলক লৈ ৷

জাতীয়তাবাদী চিন্তাধাৰাৰে দীৰ্ঘকাল এটা ছাত্ৰ সংগঠনক নেতৃত্ব দি অহাৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা দীপাংক নাথে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলিও ৰাজনৈতিক মহলত সৰৱ চৰ্চা হৈছিল ৷ সেই সময়তে একালৰ সতীৰ্থ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ কেতবোৰ মন্তব্যই শিৱিৰক লৈ সৃষ্টি কৰিছে বিভ্ৰান্তিৰ (Lurinjyoti Gogoi on Dipanka Nath)৷ ৰাষ্ট্ৰীয় দলত জাতীয়তাবাদী শিৱিৰৰ ছাত্ৰনেতাই যোগদান কৰিব বুলি সৰৱ চৰ্চা চলি থকাৰ সময়ত লুৰীণজ্যোতি গগৈয়ে বিষয়টোক লৈ আগবঢ়াইছে বিপৰীত মন্তব্য ৷

শনিবাৰে অসম জাতীয় পৰিষদৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ দিনটোত দলটোৰ মাজত চৰ্চা হয় সদ্য আছুত্যাগী দীপাংক কুমাৰ নাথক লৈ (Former AASU president Dipanka Kumar Nath)৷ কিয়নো নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে ৰাজ্যজুৰি হোৱা আন্দোলনৰ প্ৰেক্ষাপটতে জন্ম লাভ কৰিছিল অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ এই জাতীয় পৰিষদৰ জন্মত বিশেষভাৱে উদ্যোগ লৈছিল দীপাংক কুমাৰ নাথে (Dipanka Nath contribution to AJP) ৷

জাতীয়তাবাদী আদৰ্শৰে জন্মগ্ৰহণ কৰা দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আছুৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ অসম জাতীয় পৰিষদলৈ আহিব বুলি মন্তব্য কৰে৷ দীপাংক নাথ প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী মানুহ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে দীপাংক কুমাৰ নাথ অসম জাতীয় পৰিষদত যোগদান কৰি দলৰ নেতৃত্ব ল'ব বুলি তেওঁৰ বিশ্বাস ৷

অৱশ্যে আছু ত্যাগৰ পাছতে বিবাহপাশত আৱদ্ধ হোৱা দীপাংক কুমাৰ নাথে ৰাজনৈতিক দলত যোগদান কৰা অথবা কোন দলত যোগদান কৰিব সেই সন্দৰ্ভত এই পৰ্যন্ত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ কিন্তু প্ৰাক্তন আছু ছাত্ৰনেতাগৰাকীয়ে যে ৰাজনৈতিক পথাৰত শীঘ্ৰেই খোজ দিব সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে ৷

উল্লেখ্য যে, চৰাইদেউ জিলাৰ মথুৰাপুৰত অনুষ্ঠিত হৈছে আঞ্চলিক ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ অজাপৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সোণাৰি-নাজিৰা সমষ্টি সমিতি আৰু নিমনাগড় আঞ্চলিক সমিতিৰ সহযোগত আয়োজন কৰা হৈছে দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (AJP Foundation Day)।

লগতে পঢ়ক: Protest at Ghiladhari police station: অতুল বৰাৰ হত্যাকাৰীক কাৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.