ETV Bharat / state

মহানগৰীত নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন - ASSAM GOVT.

ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিলৈ নিৰ্মাণ হ'ব নতুন উৰণীয়া সেঁতুখন। ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মুঠ ৩১৫.১৩৮ মিঃ দৈঘ্যৰ নতুন উৰণীয়া সেঁতুৰ কাম ১৮ মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব।

মহানগৰীত নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
author img

By

Published : Mar 6, 2019, 12:18 PM IST

গুৱাহাটী,৬ মাৰ্চ: ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত মহানগৰীত নিৰ্মাণ কৰা হ'ব নতুন উৰণীয়া সেঁতু । বুধবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাম মেধি সেঁতুলৈ নিৰ্মাণ হ'বলগীয়া নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মহানগৰীত নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন
গণেশগুৰিৰ বিষ্ণু ৰাম মেধি সেঁতুৰ তলত অনুষ্ঠিত মাঙ্গলিক শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু দিছপুৰ সমষ্টিৰC বিধায়ক অতুল বৰাই অংশগ্ৰহণ কৰে । গুৱাহাটী মহানগৰীক উত্তৰ-পূব এছিয়াৰ কৰিড'ৰ হিচাপে নিৰ্মাণ কৰাৰ উদ্দেশ্যে বৰ্তমানৰ চৰকাৰখনে গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ইপিনে মহানগৰীত দিনক দিনে বৃদ্ধি পাই অহা যান-জঁটৰ সংখ্যা হ্ৰাস কৰিবলৈ চৰকাৰে কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ৫৮.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মুঠ ৩১৫.১৩৮ মিঃ দৈঘ্যৰ নতুন উৰণীয়া সেঁতুৰ কাম ১৮ মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব আশা প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ।

Intro:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত নিৰ্মান হ'বলগীয় নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে। ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাম সেঁতুলৈ নিৰ্মান কৰা হ'ব নতুন উৰণীয়া সেঁতু।

Body:ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ২০১৮-১৯ প্ৰকল্পৰ অধীনত মহানগৰীত নিৰ্মান কৰা হ'ব নতুন উৰণীয়া সেঁতু। ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাম সেঁতুলৈ নিৰ্মান কৰা হ'বলগীয়া নতুন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বুধবাৰে গণেশগুৰিৰ বিষ্ণু ৰাম সেঁতুৰ তলত অনুষ্ঠিত মাঙ্গলিক শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই। গুৱাহাটী মহানগৰীক উত্তৰ পূব এছিয়াৰ এখন প্ৰধান চহৰ হিচাপে নিৰ্মান কৰাৰ উদ্দেশ্যে বৰ্তমানৰ চৰকাৰ খনে গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় গুৱাহাটীবাসীৰ বাবে এইটো আনন্দৰ বতৰা। গুৱাহাটী মহানগৰ সাধাৰণ চহৰ নহয়, গুৱাহাটী দক্ষিণ পূব এছিয়াৰ কৰিড'ৰ।

বাইট ১: সৰ্বানন্দ সোনোৱাল, মুখ্যমন্ত্ৰী, অসম

গণেশগুৰিত নিৰ্মান হ'বলগীয় এই নতুন উৰণীয়া সেঁতুৰ ফলত গণেশগুৰি অঞ্চলত যান-জট কমিব বুলি আশা কৰা হৈছে। মহানগৰী গুৱাহাটীত প্ৰতিদিনে বৃদ্ধি পাইছে বাহনৰ সংখ্যা ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হয় তীব্ৰ যান-জট। মহানগৰীৰ যান-জটৰ সমস্যা হ্ৰাস কৰিবলৈ চৰকাৰে কেইবাটাও উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাইট ২: ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী

Conclusion:ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা গণেশগুৰিৰ বিষ্ণু ৰাম সেঁতুলৈ নিৰ্মান কৰা হ'ব লগীয়া এই নতুন উৰণীয়া সেঁতুৰ কাম ১৮ মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব। ৩১৫.১৩৮ মিঃ দৈৰ্ঘ্যৰ এই নতুন উৰণীয়া সেঁতু নিৰ্মাণত মুঠ ব্যয় হ'ব ৫৮.৭৪ কোটি টকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.