ETV Bharat / state

পৃথক বড়োলেণ্ড দিবলৈ বাধ্য হ'ব চৰকাৰ: হাগ্ৰামা মহিলাৰী - বড়োলেণ্ড

বাক্সাৰ তামুলপুৰ জিলাৰ বি পি এফৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ

hagrama 1
author img

By

Published : Mar 3, 2019, 5:14 PM IST

বাক্সা, ৩ মাৰ্চঃ "এবছুৱে পৃথক বড়োলেণ্ডৰ দাবীত কেৱল মাত্ৰ নাটকহে কৰি আহিছে" এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । দেওবাৰে বাক্সাৰ তামুলপুৰ জিলাৰ বি পি এফৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত এই মন্তব্য কৰে হাগ্ৰামাই । লগতে নিৰ্বাচন অহা বাবেই এবছুয়ে পৃথক বড়োলেণ্ডৰ দাবীত তীব্ৰতৰ আন্দোলন গঢ়ি তোলা বুলিও মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে । পৃথক ৰাজ্য হ'বলৈ সকলো দল সংগঠনৰে সমৰ্থন লগাৰ উপৰিও, ৰাজ্যত এনে এক পৰিৱেশ আহিব যেতিয়া কেন্দ্ৰীয় চৰকাৰে নিজেই বাধ্য হৈ পৰিব পৃথক বড়োলেণ্ড দিবলৈ ।"

উল্লেখ্য যে, সভাত পুলৱামাত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীক বিটিচি চৰকাৰৰ তৰফৰ পৰা ৫লাখ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়া হব বুলিও মন্তব্য কৰে ।

hagrama

Intro:বাক্সাৰ তামুলপুৰ জিলা বি পি এফৰ উদ্যাগত বিশিষ্ট নাগৰিক সভা ।

Body:আজি দিনৰ ১১ বজাত বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তামুলপুৰ জিলা বি পি এফৰ উদ্যোগত নাগৰিক সভা । সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে এবছুৰ পৃথক ৰাজ্যৰ বড়োলেণ্ডৰ দাবী কেৱল মাত্ৰ নাটকহে বুলি কয় । নিৰ্বাচন অহা বাবে এতিয়া এবছুৰ আন্দোলন পৃথক ৰাজ্যৰ দাবী তীব্ৰতৰ হোৱা বুলি জনাই হাগ্ৰামা মহিলাৰীয়ে । পৃথক ৰাজ্য হবলৈ সকলো দল সংগঠনৰে সমৰ্থন লাগিব । লগতে এটা সময়ত এনে এক পৰিবেশ আহিব বুলি কয় আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰে নিজেই বাধ্য হৈ যাব পৃথক দিবলৈ । যেনেদৰে বিটিচি চুক্তিৰ সময় আমাক বিভিন্ন সংগঠনে সহযোগ কৰিছিল বুলি কয় হাগ্ৰামা মহিলাৰীয়ে । এবছুৰ পৃথক ৰাজ্যৰ আন্দোলন নিৰ্বাচন আহিলেহে বেছি যোৰদাৰ বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে আজি সভাতে শ্বহীদ মনেশ্বৰ বসুমতাৰীক বিটিচি চৰকাৰৰ পৰা ৫ টকাৰ আৰ্থিক সাহাৰ্য্য দিয়া হয় বুলি ৰাজুহুৱা সভাত ঘোষণা কৰে ।

Conclusion:আনহাতে আজি হাগ্ৰামা মহিলাৰীক সাংবাদিকে প্ৰশ্ন কৰাত বিপিএফৰ এইয়া নিৰ্বাচনী সভা নহয় । এইয়া অভিভাৱক আলোচনাহে আৰু এনেধৰণৰ আলোচনা বিভিন্ন জিলাত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.