ETV Bharat / state

বানবিধ্বস্ত অসমত বৃহৎ হাৰত মোতায়েন স্থলসেনাৰ দল - বান সাহাৰ্য্য়

ধাৰাষাৰ বৰষুণৰ লগতে লুইতৰ বলীয়া বানে কোঙা কৰি পেলোৱা অসমত উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰা হৈছে সেনাবাহিনীৰ বৃহৎ দল ৷ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ স্থলসেনাই ৯৫টা উদ্ধাৰকাৰী দল নিয়োগ কৰাৰ উপৰিও ৩১টা দলক যিকোনো আপাতকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কৰি ৰাখিছে ।

বানবিধ্বস্ত অসমত বৃহৎ হাৰে মোতায়েন স্থলসেনাৰ দল
author img

By

Published : Jul 20, 2019, 1:28 PM IST

নিউজ ডেস্ক, 20 জুলাইঃ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনাই নিয়োগ কৰিছে বৃহৎ দল ৷ বিশেষকৈ নামনি অসমত বিগত 11 জুলাইৰ পৰা উদ্ধাৰ অভিযান চলাই আহিছে ভাৰতীয় সেনাৰ দলে ৷ নামনি অসমৰ বাক্সা,নলবাৰী,বৰপেটাকে ধৰি শোণিতপুৰ আৰু মৰিগাঁও জিলাত সেনাৰ দলে ক্ষীপ্ৰ গতিৰে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ৷ বিগত ছয় দিনত সেনাৰ দলে 488 গৰাকী লোকক উদ্ধাৰ কৰাৰ বিপৰীতে 450 গৰাকী লোকলৈ সাহায্য সামগ্ৰী আগবঢ়াইছে ৷

EtvBharatAssam
প্ৰতিৰোধী বান্ধ নিৰ্মাণত ব্যস্ত স্থলসেনাৰ দল
EtvBharatAssam
কান্ধত বানাক্ৰান্তক লৈ স্থলসেনাৰ জোৱান
EtvBharatAssam
বান্ধ নিৰ্মাণত ব্যস্ত স্থলসেনাৰ দল

অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত ৰাজ্যৰ অসামৰিক প্ৰশাসনৰ সহযোগত সেনাৰ দলে কাম কৰি আছে । সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ সৰ্বাধিনায়ক লে. জেন. এম এম নাৰাভানে অসমৰ লগতে অন্যান্য ৰাজ্যসমূহৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান সাহায্য আৰু উদ্ধাৰ কাৰ্যত সেনাৰ দল নিয়োজিত হৈ থকাৰ কথা প্ৰকাশ কৰিছে । বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ স্থলসেনাই ৯৫টা উদ্ধাৰকাৰী দল নিয়োগ কৰাৰ উপৰিও ৩১টা দলক যিকোনো আপাতকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কৰি ৰাখিছে। সৰ্বমুঠ ১৫২টা পৰ্যবেক্ষণকাৰী ষ্টেচনৰ দ্বাৰা স্থলসেনাই ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি আছে ৷ ভাৰতীয় স্থলসেনাৰ উদ্ধাৰ অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে বানবিধ্বস্ত অঞ্চলৰ ৰাইজে ৷

EtvBharatAssam
উদ্ধাৰ অভিযানত ব্যস্ত স্থলসেনাৰ দল

Army carries out large scale relief operation in flood-hit areas of Assam

বানবিধ্বস্ত অসমত বৃহৎ হাৰে মোতায়েন স্থলসেনাৰ দল 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.