ETV Bharat / state

কাটিগড়াত ভোটকেন্দ্ৰত শিলাবৰ্ষণ

author img

By

Published : Apr 1, 2021, 7:05 PM IST

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে কাটিগড়া বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰায় 80 % ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোবিন্দপুৰত নিৰ্বাচনী হিংসাৰ সূত্ৰপাত ৷ পশ্চিম গোবিন্দপুৰত অচিনাক্ত যুৱকৰ এটা দলে ভোটকেন্দ্ৰটোত শিলাবৰ্ষণ কৰাৰ অভিযোগ ৷

violence erupted in pachim govindapur under katigorah constituency
কাটিগড়াত ভোটকেন্দ্ৰত শিলাবৰ্ষণ

শিলচৰ,1 এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰায় 80 % ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে কাটিগড়া বিধানসভা সমষ্টিত হিংসাত্মক কাৰ্যৰ সূত্ৰপাত ঘটে ৷ জানিব পৰা মতে কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোবিন্দপুৰত অচিনাক্ত যুৱকৰ এটা দলে ভোটকেন্দ্ৰটোত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে ৷ অৱশ্যে আৰক্ষীয়ে ততাতৈয়াকৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ উক্ত ঘটনাৰ ফলত এখন বাহন বেয়াকৈ ধ্বংসপ্ৰাপ্ত হয় ৷

violence erupted in pachim govindapur under katigorah constituency
উক্ত ঘটনাৰ ফলত বেয়াকৈ ধ্বংসপ্ৰাপ্ত এখন বাহন

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰায় সুকলমে সম্পন্ন হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যৰ 39 টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ অধিকাংশ সমষ্টিতে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ মাজতে ঠায়ে ঠায়ে কিছু বিক্ষিপ্ত ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয় ৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মৰিগাঁৱৰ লাহৰিঘাটত সৃষ্টি হোৱা এক নিৰ্বাচনকেন্দ্ৰিক উত্তপ্ত পৰিস্থিতিৰ ফলত আৰক্ষীৰ এগৰাকী জোৱানো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ মাজতে পেইড নিউজৰ বিৰুদ্ধে অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.