শিলচৰ, 5 এপ্ৰিল : শনিবাৰে নিশা কৰ'ণাৰ সন্দেহত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় সাজিবুৰ ৰহমান নমাৰ এজন ব্যক্তিক । বৰখলা সমষ্টিৰ ৰাণীঘাটৰ পাৰাডহল গাঁৱৰ প্ৰাক্তন BFF জোৱানজনে দিল্লীৰ নিজামউদ্দিনত অংশগ্ৰহণ কৰিছিল ৷ বিগত ১৯ মাৰ্চত দিল্লীৰ পৰা উভতি আহিছিল ৫৭ বছৰীয়া লোকজন । 2 এপ্ৰিলত উশাহ লোৱাত কষ্ট পোৱা যেন অনুভৱ কৰাত সাজিবুৰ ৰহমানক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰা হয়। মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱা জনোৱা মতে, বৰ্তমানলৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত ১৮০ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত দুটা পজিটিভ পোৱা গৈছে ।
শিলচৰ মেডিকেল কলেজত শনিবাৰে ভৰ্তি কৰা হয় দ্বিতীয়জন কৰ'ণাত আক্ৰান্ত ব্যক্তি - Silchar medical collage corona patient is getting well
2 এপ্ৰিলত উশাহ লোৱাত কষ্ট পোৱা যেন অনুভৱ কৰাত সাজিবুৰ ৰহমানক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰা হয়।
শিলচৰ, 5 এপ্ৰিল : শনিবাৰে নিশা কৰ'ণাৰ সন্দেহত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় সাজিবুৰ ৰহমান নমাৰ এজন ব্যক্তিক । বৰখলা সমষ্টিৰ ৰাণীঘাটৰ পাৰাডহল গাঁৱৰ প্ৰাক্তন BFF জোৱানজনে দিল্লীৰ নিজামউদ্দিনত অংশগ্ৰহণ কৰিছিল ৷ বিগত ১৯ মাৰ্চত দিল্লীৰ পৰা উভতি আহিছিল ৫৭ বছৰীয়া লোকজন । 2 এপ্ৰিলত উশাহ লোৱাত কষ্ট পোৱা যেন অনুভৱ কৰাত সাজিবুৰ ৰহমানক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰা হয়। মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱা জনোৱা মতে, বৰ্তমানলৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত ১৮০ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত দুটা পজিটিভ পোৱা গৈছে ।
TAGGED:
silchar corona