ETV Bharat / state

শিলচৰ কংগ্ৰেছত বিসম্বাদৰ জুই

author img

By

Published : Jan 5, 2021, 11:48 AM IST

শিলচৰৰ এখন হোটেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সকলৰ বৈঠকৰ পাছতে এইবাৰ জ্যেষ্ঠ কংগ্ৰেছী সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিলচৰ কংগ্ৰেছ কমিটি ৷ হোটেলত বৈঠক কৰাসকল কংগ্ৰেছী নহয় বুলিও অভিযোগ শিলচৰ কংগ্ৰেছৰ ৷

silchar-congress-pressmeet
শিলচৰ কংগ্ৰেছত বিসম্বাদৰ জুই

শিলচৰ, 4 জানুৱাৰী : অন্তৰ্কন্দলে যেন লগ এৰা নাই কংগ্ৰেছক ৷ ইতিমধ্যে ৰাজ্যৰ কেবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে ৷ বৰাক উপত্যকাতো দেখা গৈছে কংগ্ৰেছত বিসম্বাদৰ জুই ৷ দেওবাৰে শিলচৰৰ এখন হোটেলত গোপন বৈঠকত মিলিত হৈছিল প্ৰাক্তন মন্ত্ৰী মিছবাহুল ইছলাম লস্কৰ,ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কমলেন্দু ভট্টাচাৰ্য,প্ৰাক্তন জিলা সভাপতি অৰুণ দত্ত মজুমদাৰ সহ কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী ৷ বৈঠকত শিলচৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতা সকল ৷

কিন্তু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সকলৰ বৈঠকৰ পাছতে এইবাৰ জ্যেষ্ঠ কংগ্ৰেছী সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিলচৰ কংগ্ৰেছ কমিটি ৷ সোমবাৰে ইন্দিৰা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি জিলা কংগ্ৰেছে হোটেলত বৈঠক কৰা সকল কংগ্ৰেছী নহয় বুলি উভতি ধৰে ৷ যদিহে তেওলোক প্ৰকৃত কংগ্ৰেছী তেন্তে দলীয় কাৰ্যালয় এৰি হোটেলত কিয় বৈঠকত মিলিত হ‘ল বুলিও প্ৰশ্ন উত্থাপন কৰে জিলা কংগ্ৰেছে ৷

লগতে পঢ়ক: মানচিত্ৰৰ পৰিসৰৰ পৰা হেৰাই যাব নেকি মৰিগাঁও !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.