শিলচৰ, 26আগষ্টঃ মণিপুৰী ভাষাক চৰকাৰী ভীষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ মঙলবাৰে MYFA, AMMPAL, AMMYF, WACBP, MMDOA সহ কেইবাটাও সংগঠনে যৌথভাবে শিলচৰ চহৰৰ ক্ষুদিৰাম প্ৰতিমূৰ্তিৰ কাষত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
মণিপুৰী ভাষাক চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ বাবে হাতে হাতে প্লে'কার্ড লৈ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তুলে সংগঠনকেইটাই ৷ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই সংগঠনৰকেইটাৰ সদস্যসকলে ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়কঃ মালিগাঁৱত পুণৰ নাহৰফুটুকীৰ আতংক