ETV Bharat / state

শিলচৰত খাদ্য সামগ্ৰী বিতৰণত বিসংগতিৰ অভিযোগ - People not satisfied in food distribution at Silchar

শিলচৰত খাদ্য সামগ্ৰী বিতৰণত বিসংগতিৰ অভিযোগ ৷ শ-শ পৰিয়ালে সামগ্ৰী লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷

শিলচৰত খাদ্য সামগ্ৰী বিতৰণত বিসংগতিৰ অভিযোগ

author img

By

Published : Apr 16, 2020, 9:05 PM IST

কাছাৰ, 16 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ বাবে দেশত অব্যাহত থকা লক ডাউনৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে দেশৰ একাংশ জনসাধাৰণ ৷ দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিখন ৰাজ্যৰে একাংশ জনসাধাৰণৰ মাজত ৷ কিন্তু সু-খবৰ যে সেই সকল লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ সমুহৰ লগতে বিভিন্ন সংস্থা,সংগঠন তথা একাংশ সচেতন ৰাইজ ৷ কিন্তু ইয়াৰ মাজতো বহু ঠাইত বিসংগতি হোৱাৰ খবৰ প্ৰায়ে দেখা গৈছে সংবাদ মাধ্যমত ৷ অনুৰূপ ঘটনাই সংঘটিত হৈছে শিলচৰ জিলাত ৷

শিলচৰত খাদ্য সামগ্ৰী বিতৰণত বিসংগতিৰ অভিযোগ

উল্লেখ্য যে, লকডাউন ঘোষণা কৰাৰ তিনি সপ্তাহ পিছত শিলচৰ পৌৰসভাই শিলচৰ চহৰ প্ৰতিটো অঞ্চলত আৰ্তজনক প্ৰদান কৰিছিল প্ৰয়োজনীয় খাদ্য সামগ্ৰী ৷ কিন্তু প্ৰতিখন চহৰত বসবাস কৰা জনসাধাৰণৰ বিপৰীতে বিতৰণ কৰা খাদ্য সামগ্ৰী যথেষ্ট কম হোৱা বুলি অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে শিলচৰৰ একাংশ ৰাইজে ৷ ইয়াৰ উপৰিও প্ৰতিটো অঞ্চলৰে শ-শ পৰিয়ালে সামগ্ৰী লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷ এই সন্দৰ্ভত এগৰাকী পৌৰ কৰ্মীয়ে মত প্ৰকাশ কৰে যে বিতৰণৰ বাবে তেঁওলোকক চৰকাৰে যি পৰিমাণৰ সামগ্ৰী প্ৰদান কৰিছে সেই সামগ্ৰীৰে প্ৰতিটো পৰিয়ালক বিতৰণ কৰা সম্ভৱ নহয় ৷

লগতে চাওকঃ মহানগৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা কেনেকুৱা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.