বদৰপুৰ,4মে': ভোটাৰ তালিকাত নাম সোমাবলৈ লাগে দুশ টকা ৷ এই অভিযোগ আমাৰ নহয় ৷ কৰিমগঞ্জৰ বদৰপুৰ বিধানসভাৰ মদনমোহন গাঁৱৰ এগৰাকী ভুক্তভোগীৰ অভিযোগ । মদনমোহন গাঁৱৰ সম্ৰাট দাস নামৰ যুৱকজনৰ অভিযোগমতে তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে বি এল অ' মুক্তা চন্দ নামৰ মহিলাগৰাকীয়ে দুশ টকা দিবলৈ দাবী কৰে ।
কিন্তু 200 টকা দিও বৰ্তমান পৰ্যন্ত তালিকাত নাম নাপাই শনিবাৰে বি এল অ' মুক্তা চন্দক লগ কৰিবলৈ যাওঁতে তেওঁৰ স্বামী ৰূপক চন্দক পাই যুৱকজনে প্ৰশ্ন কৰাত তেওঁক ৰূপক চন্দে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷