ETV Bharat / state

Orunodoi card distribution : কাছাৰ-হাইলাকান্দিত অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:45 AM IST

Updated : Oct 12, 2023, 11:59 AM IST

‘‘ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি কাম কৰি আছে ৷ অতি কম সময়ৰ ভিতৰত প্ৰায় ৩০০০০ যুৱক-যুৱতীক চৰকাৰে নিযুক্তি প্ৰদান কৰিব ৷’’ কাছাৰ জিলাৰ শিলচৰ আৰু হাইলাকান্দি জিলাত অৰুণোদয় আঁচনি সম্পৰ্কীয় এক বিশেষ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

Orunodoi card distribution
অৰুণোদয় আঁচনি সম্পৰ্কীয় বিশেষ সভা

শিলচৰ, ১২ অক্টোবৰ : বুধবাৰে সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো অনুষ্ঠিত কৰা হয় অৰুণোদয় ২.০ ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

কাছাৰ জিলাৰ শিলচৰ আৰু হাইলাকান্দি জিলাত অৰুণোদয় আঁচনি সম্পৰ্কীয় বিশেষ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অৰুণোদয় ২.০ ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত অংশ লৈ হিতাধিকাৰীসকলৰ হাতত অৰুণোদয় কাৰ্ড আনুষ্ঠানিকভাৱে তুলি দিয়ে ৷

Orunodoi card distribution
কাছাৰ আৰু হাইলাকান্দিত অৰুণোদয় ২.০ ৰ অধীন

মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ অন্যতম সফল আঁচনি অৰুণোদয়ৰ সফলতাৰ বিষয়ে উল্লেখ কৰে । পদ্ধতিগতভাৱে যোগ্য হিতাধিকাৰী বাচনি কৰা এই আঁচনিয়ে প্ৰায় ২৭.৬ লাখ পৰিয়ালক মাহিলী ১২৫০ টকাকৈ প্ৰদান কৰি আৰ্থিক দিশত সকাহ দি আহিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা বুলিও মন্তব্য কৰে ।

আনহাতে, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই আঁচনিখনো মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি অনুসৰি ৰূপায়ণ কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । প্ৰতিশ্ৰুতি অনুসৰি, ১ লাখ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে সম্পূৰ্ণ মেধাৰ ভিত্তিত এতিয়ালৈকে প্ৰায় ৮৭০০০ যুৱক-যুৱতীক নিযুক্তি দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম সময়ৰ ভিতৰত আৰু প্ৰায় ৩০০০০ যুৱক-যুৱতীক চৰকাৰে নিযুক্তি প্ৰদান কৰিব ।

Orunodoi card distribution
অৰুণোদয় কাৰ্ড বিতৰণ কৰে মন্ত্ৰী পীযুষ হাজৰীকা

ইয়াৰ উপৰিও, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ নতুন ৰূপ লাভ কৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । বৰ্তমানৰ চৰকাৰখনৰ দিনত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট-পথ আৰু দলং নিৰ্মাণ, ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণ আদিকে ধৰি বহুতো কাম হাতত লোৱা হৈছে বুলিও তেওঁ কয় ৷

পাচত জলসম্পদ মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি জিলাত উপস্থিত হৈ অৰুণোদয় ২.০ ৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশ লয় । এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মিচন বসুন্ধৰা, মিচন ভূমিপুত্ৰকে ধৰি ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীৰ উক্ত দুই কাৰ্যসূচীকেইটাত মন্ত্ৰীগৰাকীয়ে বিধায়কসকল ক্ৰমে দীপ্যায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰ কান্তি সোম, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ আৰু নিজামুদ্দিন চৌধুৰীৰ লগতে জিলা দুখনৰ আয়ুক্ত প্ৰমুখ্যে প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে ।

লগতে পঢ়ক : Orunodoi scheme 2.0: আক্ষেপ নকৰিব, 2.0ত নোপোৱা সকলে অৰুণোদয় 3.0ত পাব সুবিধা

Last Updated : Oct 12, 2023, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.