শিলচৰ,2 জুন: বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে জ্বলা-কলা খুৱাইছে কাছাৰবাসীক ৷ মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ কাছাৰ জিলাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ জিলাখনৰ সদৰ শিলচৰসহ সমগ্ৰ অঞ্চল বৰ্তমান কৃত্ৰিম বানৰ কৱলত ৷ শিলচৰ চহৰৰ গুৰুত্বপুৰ্ণ এলেকাসমূহ বানত ডুব যোৱাৰ লগতে কাটিগৰা,শ্ৰীকোনা,তাপাং,মোহনপুৰ আদি অঞ্চলো ডুব গৈছে কৃত্ৰিম বানত ৷ বিশেষকৈ তাপাং- মোহনপুৰ গড়কাপ্তানী পথৰ ওপৰেদি একঁকাল পৰ্যন্ত পানী বৈ যোৱাত ব্যাহত হৈছে যাতায়াত ৷ বহু লোকৰ ঘৰত পানী সোমোৱাত গৃহ বন্দী হ’বলগীয়া হৈছে গাঁৱবাসী ৷ তদুপৰি,পানীৰ বাবে বন্ধ কৰিব লগা হৈছে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ ৷
কৃত্ৰিম বানৰ কবলত শিলচৰ - কৃত্ৰিম বানৰ কবলত শিলচৰ
মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ কাছাৰ জিলাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ জিলাখনৰ সদৰ শিলচৰসহ সমগ্ৰ অঞ্চল বৰ্তমান কৃত্ৰিম বানৰ কবলত ৷ বহু লোকৰ ঘৰত পানী সোমোৱাত গৃহ বন্দী হ’বলগীয়া হৈছে গাঁৱবাসী ৷