ETV Bharat / state

অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ - কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ

কাছাৰ আৰু নগাঁও কাগজ কলৰ জইণ্ট ট্ৰেড ইউনিয়ন একশ্যন কমিটিৰ সভাপতি, মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় চৰকাৰক ৷

মানৱেন্দ্ৰ চক্ৰৱৰ্তী
মানৱেন্দ্ৰ চক্ৰৱৰ্তী
author img

By

Published : Sep 7, 2020, 1:48 PM IST

শিলচৰ, 7 ছেপ্তেম্বৰ: অহা 14 ছেপ্তেম্বৰত কাছাৰ আৰু নগাঁও কাগজ কলৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব ৷ কিন্তু এই পৰ্যন্ত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই বুলি উল্লেখ কৰে কাছাৰ আৰু নগাঁও কাগজ কলৰ জইণ্ট ট্ৰেড ইউনিয়ন একশ্যন কমিটিৰ সভাপতি, মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷

অসমৰ দুয়োটা কাগজমিল ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ

দেওবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এখন লিখিত প্ৰস্তাৱ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ য'ত উল্লেখ আছে, যদি হিন্দুস্তান নিউজ প্ৰিণ্ট লিমিটেড বচাবলৈ যদি কেৰালা চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰে তেন্তে অসম চৰকাৰৰো কোনো অসুবিধা নাই ৷ চৰকাৰে অতি শীঘ্ৰই পদক্ষেপ লৈ NCLT ত নিজৰ প্ৰস্তাৱ দাখিল কৰিব লাগে কাগজ কল দুটা বটাই ৰখাৰ স্বাৰ্থত ৷ দেৱব্ৰত শইকীয়াৰ এই প্ৰস্তাৱত কৃতজ্ঞতা জ্ঞাপন কৰিছে মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে ৷ তেওঁৰ বিশ্বাস অসম চৰকাৰেও তেওঁলোকৰ দায়িত্ব পালন কৰিব আৰু অহা 14 তাৰিখৰ ভিতৰত NCLT ত অসমৰ দুয়োটা উদ্যোগ বচাবলৈ, অসমত কৰ্ম সংস্থাপনৰ বাট মোকলাই ৰাখিবলৈ পদক্ষেপ গ্ৰহণ কৰি অসমৰ ৰাইজৰ প্ৰতি এক সুবিচাৰ কৰিব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক: বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 20 লাখ কৃষকলৈ 4,688 কোটিৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.