শিলচৰ, 16 জুলাই : কাছাৰ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ এই কৰ'ণা যুঁজত দিনে নিশাই সেৱা আগবঢ়াই ভাগৰি পৰিছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷ কিন্তু ৰাজ্যৰ এই দুৰ্দিনৰ সময়ত বৰখলাৰ বিজেপি বিধায়ক কিশোৰ নাথ ব্যস্ত মন্দিৰ দৰ্শনত ৷ চানী দেৱ চৌধুৰী আৰু বিজেপিৰ একাংশ কৰ্মীক লগত লৈ কিশোৰ নাথ দৰ্শন কৰে বৰাইল পাহাৰত অৱস্থিত 'নিমাতা মা' ৰ মন্দিৰ ৷ ২২৪০ ফুট উচ্চতাত অৱস্থিত এই মন্দিৰ দৰ্শন কৰিবলৈ গৈ বিধায়ক গৰাকীয়ে ভংগ কৰিলে ক'ভিড-19 ৰ সকলো নিয়ম-নীতি ৷ সামাজিক দুৰত্বৰ বিধিক বুঢ়া আঙুলি দেখুৱাই বিধায়ক গৰাকীয়ে গেৰুৱা বসন পিন্ধা দলীয় কৰ্মী সকলৰ সৈতে ফটোও উঠিলে বিভিন্ন ভংগীত ৷
'ৱাইল্ড লাইফ চেঞ্চুৰী' ৰ অন্তৰ্ভুক্ত এই বৰাইল পাহাৰক ইক' প্রজেক্ট হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে পাহাৰৰ ঠায়ে ঠায়ে ৱাইল্ড লাইফ কেমেৰাও স্থাপন কৰে বিধায়ক আৰু বন সংমণ্ডল বিষয়াই ৷ ইফালে,নিমাতা মন্দিৰটো পাহাৰৰ বহু উচ্চতাত অৱস্থিত হোৱা বাবে স্থানীয় লোকে মন্দিৰত গৈ পূজা অৰ্চনা কৰাত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৷ ভক্ত সকলৰ এই অভিযোগৰ পৰিপ্ৰেক্ষিতত পাহাৰৰ নামনিত এটি বিকল্প নিমাতা মন্দিৰ স্থাপনৰ আশ্বাস দিয়ে বিধায়ক কিশোৰ নাথে ৷
লগতে পঢ়ক : মুখা শিল্পৰ ১২ বছৰীয়া নিৰলস সাধনা এজন যুৱকৰ