ETV Bharat / state

বনমন্ত্ৰীৰ গৃহ জিলাত অবাধে চলিছে বালি খনন আৰু সৰবৰাহ - বালিৰ অবৈধ খনন

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ জিলাত চলিছে বালিৰ অবৈধ খনন আৰু সৰবৰাহ । বন বিভাগক অন্ধকাৰত ৰাখি চলিছে এই অবৈধ সৰবৰাহ ।

illegal sand mining at Cachar
illegal sand mining at Cachar
author img

By

Published : Sep 11, 2020, 10:30 AM IST

শিলচৰ, 11 ছেপ্টেম্বৰ : কাছাৰৰ উদাৰবন্দৰ গোসাইপুৰ মধুৰা নদীত অবাধে চলিছে বালি খনন । দৈনিক শ শ ট্ৰাকেৰে অবৈধভাৱে বালি সৰবৰাহ হৈ আছে সেই স্থানৰ পৰা ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে কৰিছে এই অভিযোগ ।

illegal sand mining at Cachar
বালি খনন

অভিযোগ অনুসৰি, মধুৰা নদীৰ গোসাইপুৰ প্রথম খণ্ডৰ হজপুৰৰ ফেৰিঘাটৰ এলেকাৰ পৰা প্ৰতিদিনই পাৰ হৈছে অবৈধভাবে বালি কঢ়িওৱা ট্ৰাক । উদাৰবন্দৰ বন বিভাগক অন্ধকাৰত ৰাখি নিশা হ’লেই এইদৰে বালি সৰবৰাহ কৰে এটা চক্ৰই । অবৈধ বালি সৰবৰাহকাৰীৰ বাবেই নদীৰ বুকুত জাহ গৈছে বহু কৃষি ভূমি । ইফালে ইষ্টামপুৰ - মধুৰাপুল পথেৰে বালি ভর্তি গাড়ী চলাচল কৰাত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ । সেয়েহে অবৈধ বালি সৰবৰাহ বন্ধ কৰিবলৈ বন বিভাগক আবেদন জনাইছে তেওঁলোকে ।

বনমন্ত্ৰীৰ গৃহ জিলাত অবাধে চলিছে বালি খনন আৰু সৰবৰাহ

উল্লেখ্য যে, খোদ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ জিলাতে সংঘটিত হৈ আহিছে এই বলি সৰবৰাহৰ ঘটনা ৷ বনমন্ত্ৰীগৰাকীয়ে এই খনন আৰু সৰবৰাহ ৰোধৰ ক্ষেত্ৰত কি ব্যবস্থা গ্ৰহণ কৰে সেইয়া অৱশ্য়েই হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে অধিক সোচ্চাৰ আদিবাসী ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.