শিলচৰ, ২৬ মাৰ্চ: শুক্ৰবাৰে বৰাকলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ । বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে । বৰাকত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰিব । প্ৰথমে গৃহমন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷
ইয়াৰ পিছত শিলচৰৰ প্ৰাৰ্থী দ্বীপায়ন চক্ৰৱৰ্তীৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে ৷ শিলচৰৰ ইণ্ডিয়া ক্লাব খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সমাৱেশৰ বাবে ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।
এই সভাত প্ৰায় ৩০ হাজাৰ লোক উপস্থিত হ'ব বুলি দাবী কৰিছে শিলচৰৰ বিজেপিৰ কৰ্মকৰ্তাই । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ইণ্ডিয়া ক্লাব খেলপথাৰত ।