বঙাইগাওঁ, 18 মে': ৩৪ নং অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ সমগ্ৰ ৰাজ্যতে কৰ’ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে পুৱা ১০ বজাত মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক বাতিন খন্দকাৰে ৷
বিধায়কগৰাকীয়ে চিকিৎসালয়খনৰ অধ্যক্ষ চিত্যৰঞ্জন হাজৰিকাৰ সৈতে ক’ভিড চেন্টাৰ সমূহৰ সমস্যা, চিকিৎসালয় খনৰ আন্তঃগাঠনিক সমস্যাৰ লগতে সামগ্ৰিকভাৱে ক’ভিড পৰিৱেশৰ ওপৰত মত বিনিময় কৰে ৷ উল্লেখিত সমস্যাসমূহ বিধায়কগৰাকীয়ে পৰ্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস দিয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয় সন্দৰ্ভত অৱগত কৰিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত পুনৰ কৰ'ণাত মৃত্যু ৫ গৰাকীৰ