ETV Bharat / state

Ashok Singhal in Bongaigaon; এইবাৰ বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত : অশোক সিংহল - Ashok Singhal on Artificial floods

বৃহস্পতিবাৰে নিশাৰ ভাগত বঙাইগাঁৱৰ বৰপাৰাস্থিত ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলা কাৰ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে ৷ তাৰ পাচত অসম চৰকাৰৰ মন্ত্ৰী সিংহলে বঙাইগাঁও জিলাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে এক ভাত মিলিত হয় ৷

Ashok Singhal Bongaigaon visit
বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত মন্ত্ৰী অশোক সিংহল
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:49 AM IST

বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত মন্ত্ৰী অশোক সিংহল

বঙাইগাঁও, 6 অক্টোবৰ : বৃহস্পতিবাৰে বঙাইগাঁৱৰ বৰপাৰাস্থিত বিজেপি বঙাইগাঁও জিলা কাৰ্যালয়ত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ৷ তাৰ পাচতে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও জিলা বিজেপিৰ মণ্ডল সভাপতি, বুথ সভাপতি, বিজেপিৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ আদিকে ধৰি বহু লোকসকলৰ সৈতে চৰকাৰৰ বিভিন্ন আঁচনি আৰু বঙাইগাঁও জিলা বিজেপিৰ কাম কাজ আদি সন্দৰ্ভত এক সভাত মিলিত হয় ৷

মূলত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে ৷ লগতে বঙাইগাঁও জিলা বিজেপিৰ সাংগঠনিক ভেঁটি মজবুত কৰাৰ বাবে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতেও এক সভাত মিলিত হয় ৷

তাৰ পাচতে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰে ৷ আনকি আগন্তুক লোকসভা নিৰ্বাচনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংঘলে ৷

এইবাৰ বৰপেটা লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়ী হোৱাটো এক প্ৰকাৰে প্ৰায় নিশ্চিত বুলি দাবী কৰে তেওঁ ৷ এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি দলে ১৪ খন আসনৰ ভিতৰত ১২ খন আসনতেই জয়ী হ’ব বুলিও সদৰী কৰে অশোক সিংঘলে ৷

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF দলক তীব্ৰ সমালোচনা কৰাৰ আৰু লগতে কংগ্ৰেছ দলৰো কোনো কাম নাই বুলি মত ব্যক্ত কৰে মন্ত্ৰী সিংঘলে ৷ মন্ত্ৰী অশোক সিংঘলে নাজানে কোনো BPF দলৰ কথা ! BPF দলৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিয়াকলৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ ৷

লগতে শেহতীয়াকৈ হোৱা কৃত্ৰিম বান সন্দৰ্ভতো তেওঁ মন্তব্য দিয়ে ৷ বঙাইগাঁও চহৰৰ বিভিন্ন প্ৰান্তত হোৱা কৃত্ৰিম বানৰ লগতে গুৱাহাটী মহানগৰীত বানৰ পৰা আৰম্ভ কৰি খোৱাপানীক লৈ থকা বিভিন্ন সমস্যা আদিক লৈও মন্তব্য প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে ৷

লগতে পঢ়ক : Ashok Singhal in Bongaigaon ; বঙাইগাঁৱক অসম ভিতৰত ডাঙৰ কমাৰ্চিয়েল হাব হিচাপে গঢ় দিয়াৰ লক্ষ্য অসম চৰকাৰৰ : অশোক সিংহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.