চিৰাং,23 জানুৱাৰী : আজি জেৰেঙাত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ভূমিপট্টা প্ৰদানৰ অনুষ্ঠানৰ ৷ প্ৰায় ১ লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰাৰ উদ্দেশ্যেৰে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
জেৰেঙাৰ উপৰিও ৰাজ্য়ৰ ভিন্ন প্ৰান্তত বিভিন্ন বিধায়ক তথা মন্ত্ৰীয়ে ঠাইভেদে ভূমি পট্টা প্ৰদান কৰিছে ৷ উল্লেখ্য যে, জেৰেঙাৰ সমান্তৰালকৈ বঙাইগাঁৱত ভূমিপট্টা প্ৰদান কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ।
ৰাজ্যৰ আন প্ৰান্তৰ দৰে আজি বঙাইগাঁৱতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱন্টন পত্ৰ বিতৰণী সভা এখন অনুষ্ঠিত হয় ৷ জিলা পুথিভঁৰালত আয়োজিত এই সভাত জিলাখনৰ পাঁচটা চক্ৰ কাৰ্যালয়ৰ অধীনৰ মুঠ ৫০ গৰাকী হিতাধিকাৰীক ভূমি আৱন্টন দিয়া হয় ৷ পৰৱৰ্তী সময়ত বাকী হিতাধিকাৰী সকলক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ভূমিৰ পট্টা বিতৰণ কৰিব বুলি প্ৰকাশ কৰা হয় সভাখনত ৷
উল্লেখ্য যে জিলাখনৰ মুঠ ১,০৪২ গৰাকী হিতাধিকাৰীক ভূমিৰ পট্টা বিতৰণ কৰিব ৷ আজিৰ অনুষ্ঠানত ভূমিৰ পট্টা বিতৰণ কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক অনন্ত কুমাৰ মালো আৰু জিলা উপাযুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ৷