ETV Bharat / state

বঙাইগাৱঁত ৰেল বিভাগৰ দায়িত্বহীনতাৰ বাবে পণবন্দী সাধাৰণ ৰাইজ - হাতীমুত্ৰা, মাজগাঁও, চোকাপাৰা, উত্তৰ শালমাৰা আৰু কেৰখাবাৰী

বঙাইগাঁৱত ৰেল বিভাগৰ দায়িত্বজ্ঞানহীনতাই জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক ৷ মুঠ পাঁচটা ৰেলৰ সুৰংগ পথৰ আটাইকেইটাতে জমা হয় পানী ৷ ফলত পণবন্দী হ'বলগা হৈছে স্থানীয় ৰাইজ ৷

পণবন্দী সাধাৰণ ৰাইজ
ৰেলপথৰ সুৰংগত পানী
author img

By

Published : Jun 30, 2020, 1:25 PM IST

বঙাইগাঁও, 30 জুন : ভাৰতীয় ৰেল বিভাগৰ পৰিকল্পনাহীন আৰু দায়িত্বজ্ঞানহীন কাৰ্যৰ বাবে বহু সময় ধৰি যমৰ যন্ত্ৰনা ভূগিছে বঙাইগাঁৱৰ সাধাৰণ জনতাই ৷ নিউ বঙাইগাঁও ৰেল জংচনৰ পৰা যোগীঘোপাৰ মাজত ক্ৰমে হাতীমুত্ৰা,মাজগাঁও,চোকাপাৰা,উত্তৰ শালমাৰা আৰু কেৰখাবাৰীত মুঠ পাঁচটাকৈ ৰেলৰ সুৰংগ পথ আছে ৷ ৰেলপথৰ ওপৰত থকা ৰেলগেট সমূহ বন্ধ কৰি সেই স্থানত ৰেলবিভাগে নিৰ্মান কৰিছে সুৰংগ পথসমূহ ৷ প্ৰতিটো সুৰংগ পথ নিৰ্মাণৰ বাবদ ৰেলবিভাগে খৰছ কৰিছে 25 কোটিকৈ টকা ৷

জীয়াতু ভুগিছে সাধাৰণ ৰাইজে
ৰেলপথৰ সুৰংগত পানী

কিন্তু বৰ্তমান পৰ্যন্ত এই সুৰংগ পথসমূহ যাতায়তৰ বাবে উপযোগী হৈ উঠা নাই ৷ এবুকু পানীৰে সদায় পুখুৰী সদৃশ হৈ থাকে সুৰংগ পথৰ মাজচৰা ৷ বঙাইগাঁৱৰ হাতিমুত্ৰা সুৰংগ পথত বাহিৰৰ পৰা পানী সোমাই ভিতৰচোৱা ভৰ্তি হৈ পৰাত সম্পূৰ্ণৰূপে যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷

পণবন্দী সাধাৰণ ৰাইজ
ৰেলপথৰ সুৰংগত পানী

মাজগাঁৱত থকা সুৰংগ পথটোৰ অৱস্থাও তথৈবচ ৷ সম্পূৰ্ণ কাৰিকৰী বিসংগতিৰে নিৰ্মাণ কৰা সুৰংগ পথটোৰ বাহিৰে-ভিতৰে সমানে পানী দেখা যায় ৷ মৰণত শৰণ দি ৰেলপথৰ ওপৰেৰে গাড়ী,মটৰ,বাইক,চাইকেল পাৰ কৰি যাতায়ত কৰিছে সাধাৰণ জনতাই ৷

ৰেলপথৰ সুৰংগত পানী

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা চ’ক আৰু উত্তৰ শালমাৰা দ্বিতীয় খণ্ড সংযোগী ৰেলপথৰ টাৰ্ণেল পথটোৰ ব্যাপক বিসংগতিৰ বাবে ঘৰতে পণবন্দী হৈ থাকিব লগা হৈছে পথটোৰে অহা-যোৱা কৰা উত্তৰ শালমাৰা দ্বিতীয় খণ্ড,ঘনকুৰ্শা,যোগীপাৰা, টিলাপাৰাৰ প্ৰায় 5 হাজাৰ লোক ৷

পণবন্দী সাধাৰণ ৰাইজ
ৰেলপথৰ সুৰংগত পানী

পৰিকল্পনাহীন বাবে নিৰ্মাণ কৰা ৰেলপথৰ টাৰ্ণেল পথটো পানীৰে ভৰি পৰাত যাতায়ত অসম্ভৱ হৈ পৰিছে । পথটোত পানী সোমাব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে বাৰম্বাৰ গাঁওবাসীয়ে ৰেলবিভাগক দাবী জনাইছিল যদিও আজিলৈকে গুৰুত্ব দিয়া নাই ৰেলবিভাগে ৷ সেয়েহে ঘৰতে পণবন্দী হৈ থাকিব লগা হৈছে লোকসকল ৷ জিলাখনৰ চোকাপাৰা আৰু কেৰখাবাৰীতো একেই অৱস্থা ৷ কোটি কোটি টকা ৰেল বিভাগে খৰছ কৰিলেও ৰাইজে সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ একাংশ ৰেলৰ বিষয়াই ঠিকাদাৰৰে মিলি আচঁনি ৰূপায়নৰ নামত ধন ঘটাৰহে ফন্দি কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে ৷

জীয়াতু ভুগিছে সাধাৰণ ৰাইজে
ৰেলপথৰ সুৰংগত পানী

ৰেলবিভাগৰ এই দায়িত্বহীন কাৰ্যক সকলোৱে গৰিহনা দিয়াৰ লগতে অনতিপলমে টাৰ্ণেল পথ বিলাক মেৰামতি কৰাৰ দাবী জনাইছে ৷ ৰাইজৰ যাতায়াতৰ বাবে উপযোগীকৈ সুৰংগ সমূহ নিৰ্মান নকৰিলে সুৰংগ পথসমূহ বন্ধ কৰি উৰণীয়া সেঁতু নিৰ্মান কৰাৰ দাবী কৰিছে উক্ত অঞ্চল সমূহৰ ৰাইজে ৷

লগতে পঢ়ক : শীঘ্ৰে দিখৌমুখত আৰম্ভ হ'ব পাইলট প্ৰজেক্টৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.