ETV Bharat / state

বঙাইগাঁৱত বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় উদ্বোধন

author img

By

Published : Sep 22, 2021, 4:37 PM IST

মঙলবাৰে বঙাইগাঁৱত মুকলি কৰা হ'ল অসম বহুমুখী সমবায় সমিতিৰ ৩টা শাখা কাৰ্যালয় । বহুমুখী সমবায় সমিতিৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ উপাধক্ষ্য দিব্য বৰুৱাই কাৰ্যালয়কেইটা উদ্বোধন কৰে । এই নতুন শাখা কাৰ্যালয়কেইটা হৈছে -লালমাটি, উত্তৰ শালমাৰা আৰু হাপাছাৰা শাখাৰ কাৰ্যালয় ।

Inauguration of branch Office of Assam Multipurpose Cooperative Society Limited
বঙাইগাঁৱত বহুমুখী সমবায় সমিতিৰ শাখা কাৰ্যালয় উদ্বোধন

বঙাইগাঁও, ২২ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ অধীনৰ অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বঙাইগাঁও জিলা মাণ্ডলিক কাৰ্যালয়ৰ অন্তৰ্গত তিনিটা শাখা কাৰ্যলয় মঙলবাৰে উদ্বোধন কৰা হয় । মঙলবাৰে লালমাটি শাখা, উত্তৰ শালমাৰা শাখা আৰু হাপাছাৰা শাখাৰ কাৰ্যালয় মুকলি কৰে যোৰহাটস্থিত মুখ্য কাৰ্যালয়ৰ উপাধক্ষ্য দিব্য বৰুৱাই । এই শুভ উদ্বোধনী অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকে সমবায় সমিতিৰ মুখ্য কাৰ্যালয়ৰ উপাধক্ষ্য দিব্য বৰুৱা ।

লগতে উপস্থিত থাকে সচিব দিব্যধৰ ফুকন, কাৰ্যকৰী সঞ্চালক দুগৰাকী ক্ৰমে প্ৰগ্ৰেছ কুমাৰ দাস, বীৰ বাহু বসুমতাৰী, গাণনিক বিষয়া নগেন দেউৰী, বঙাইগাঁও জিলা কাৰ্যালয়ৰ মাণ্ডলিক বিষয়া জয়ন্ত কুমাৰ ৰায় ।

উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকি আলোচকসকলে সমবায় সমিতিখনৰ উদ্দেশ্য, লক্ষ্য, আৰু সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকে কৃষি, পশুপালন, মৎস্য পালন আদিৰ জৰিয়তে কেনেকৈ উপকৃত হ'ব পাৰে সেই বিষয়ত পৰ্যালোচনা কৰে ।

লগতে এই আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত ব্যক্তিসকলে ৰাইজক অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বিভিন্ন দিশ তথা আঁচনি সম্পৰ্কে অৱগত কৰে । সমবায় সমিতিৰ আঁচনিসমূহৰ জৰিয়তে যে, ৰাইজে জীৱিকা উপাৰ্জনৰ বাবে কাম কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰে এই বিষয়েও অৱগত কৰা হয় ।

লগতে পঢ়ক:ৰাইজক দেখুৱাবলৈহে দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছে চৰকাৰে: লুৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.