ETV Bharat / state

সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰে মুখৰিত ৰাজ্য - 1000বছৰ পুৰণি লালমাটী দুৰামাৰীৰ গণেশ মন্দিৰ

সোমবাৰে গণেশ চতুৰ্থী উপলক্ষে বঙাইগাঁও-অভয়াপুৰীৰ সমীপৰ 1000 বছৰ পুৰণি লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰত পুৱাৰে পৰা আশীষ ল’বলৈ ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷

সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য
সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য
author img

By

Published : Feb 16, 2021, 6:38 AM IST

বঙাইগাঁও,16 ফেব্ৰুৱাৰীঃ সোমবাৰে সমগ্ৰ দেশবাসীয়ে পালন কৰিছে সিদ্ধিদাতা গণেশৰ পূজা ৷ গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ গণেশ মন্দিৰ সমূহত দেখা গৈছিল ভক্তৰ ভিৰ ৷ বঙাইগাঁও-অভয়াপুৰীৰ সমীপৰ এহেজাৰ বছৰ পুৰণি লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰতো পুৱাৰে পৰাই ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷

সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য
সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য

ৰাজ্যৰ অন্যতম গণেশ মন্দিৰসমূহৰ ভিতৰত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰ অন্যতম । 1000 বছৰ পুৰণি এই মন্দিৰটোৰ প্ৰতি ধৰ্মপ্ৰাণ লোকৰ অগাধ বিশ্বাস আছে । যাৰ বাবে গণেশ চতুৰ্থীৰ দিনা বাবা গণেশৰ আশীষ ল’বলৈ পুৱাৰে পৰা লোকে-লোকাৰণ্য হৈ পৰে মন্দিৰ প্ৰাংগণ ।

সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য
সিদ্ধিদাতাৰ পূজা-অৰ্চনাত মুখৰিত ৰাজ্য

ভক্তৰ লানি নিচিগা সোঁত ব’বলৈ ধৰে এই ঐতিহ্যমণ্ডিত গণেশ মন্দিৰলৈ । উল্লেখ্য যে, প্ৰতিবছৰে এই পূজাস্থলীত লাখ লাখ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈ আহিছে ।

লগতে পঢ়কঃ স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন 'নৰ্থ ইষ্ট কুইন'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.