উত্তৰ অভয়াপুৰী, 11 জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে সংহাৰী ৰূপ সময়ত বঙাইগাওঁ জিলাতো আই নদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ । জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25 খনৰো অধিক গাওঁ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰে । একে সময়তে 1 নং কাহিবাৰী অঞ্চলত গৰাখহনীয়াই সাতটাকৈ পৰিয়ালক সৰ্বস্বান্ত কৰাৰ উপৰিও মছজিদ , কবৰস্থান , মাথাউৰি সকলো নদীৰ বুকুত জাঁহ গৈছে । ইতিমধ্যে খহনীয়াৰ কবলত পৰা একাংশ লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু আন একাংশই খহনীয়া ৰোধৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু গুৰুত্বপূৰ্ণ যে, এই ক্ষেত্ৰত বৰ্তমানলৈকে চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । তাৰোপৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবেও স্থানীয় বিধায়ক আৰু প্ৰশাসনৰ লোক আগবাঢ়ি নহাৰ অভিযোগ উত্থাপন হৈছে ।
আই নদীৰ তাণ্ডৱ, গৰাখহনীয়াত উটি গ'ল সাতটাকৈ বাসগৃহ - FLOOD
বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25 খনৰো অধিক গাওঁ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ উপৰিও গৰাখহনীয়াই সাতটাকৈ পৰিয়ালক সৰ্বস্বান্ত কৰে
উত্তৰ অভয়াপুৰী, 11 জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে সংহাৰী ৰূপ সময়ত বঙাইগাওঁ জিলাতো আই নদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ । জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25 খনৰো অধিক গাওঁ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰে । একে সময়তে 1 নং কাহিবাৰী অঞ্চলত গৰাখহনীয়াই সাতটাকৈ পৰিয়ালক সৰ্বস্বান্ত কৰাৰ উপৰিও মছজিদ , কবৰস্থান , মাথাউৰি সকলো নদীৰ বুকুত জাঁহ গৈছে । ইতিমধ্যে খহনীয়াৰ কবলত পৰা একাংশ লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু আন একাংশই খহনীয়া ৰোধৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু গুৰুত্বপূৰ্ণ যে, এই ক্ষেত্ৰত বৰ্তমানলৈকে চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । তাৰোপৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবেও স্থানীয় বিধায়ক আৰু প্ৰশাসনৰ লোক আগবাঢ়ি নহাৰ অভিযোগ উত্থাপন হৈছে ।
উত্তৰ অভয়াপুৰী 11জুলাই: বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলত আই নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। এফালে আই নদীৰ বাঢ়নী পানীয়ে ২৫ খনৰো অধিক গাও জলমগ্ন কৰিছে আনফালে ১ নং কাহিবাৰীত আই নদীৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে ।যোৱা দুদিনত গাও খনৰ আজাদ আলী, মফিদুল ইছলাম, তফেৰ আলী, হবিবৰ ৰহমান আৰু ফজল হকৰ ভেটি মাটি নৈৰ বুকত জাহ যোৱাত সৰ্বস্বান্ত হৈ পৰিছে । ইয়াৰ ওপৰিও মছজিদ, কবৰস্থান, মাথাউৰি আদিও গৰাখহনীয়াৰ কবলত পৰিছে। ফলত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। খহনীয়াৰ আতংকত একাংশ লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানত লোৱাৰ চেষ্টা কৰিছে। এইক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।Conclusion: