বঙাইগাঁও,1 জুলাই : বঙাইগাঁৱত হোণ্ডাই মটৰচাইকেল শ্ব’ৰুমত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠান। শ্ব’ৰুমৰ পৰা মটৰ চাইকেল কিনোতা গ্ৰাহকসকলক লৈ এই সজাগতাৰ আয়োজন কৰে য’ত পথ সুৰক্ষা বিষয়ক সজাগতাৰ প্ৰচাৰ পত্ৰিকা,এজোপাকৈ গছপুলি বিতৰণ কৰে জিলা পৰিবহন বিভাগে। সজাগতা অনুষ্ঠানত বঙাগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰদলৈ,বঙাইগাঁৱৰ জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দাস সহ যান-বাহন পৰিদৰ্শক আৰু হুণ্ডাই শ্ব’ৰুমৰ স্বত্বাধিকাৰীসহ বিষয়া-কৰ্মচাৰী আৰু বহু সংখ্যক গ্ৰাহক উপস্থিত থাকে। সজাগতা সভাত পৰিবহণ বিষয়াগৰাকীয়ে মটৰ চাইকেল ষ্টান্টৰ বিষয়ে ৰাইজক সজাগ হোৱাৰ আহ্বান জনায় ৷
বঙাইগাঁৱত পথ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠান
হোণ্ডাই মটৰচাইকেল শ্ব’ৰুমত জিলা পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিষয়ক সজাগতা অনুষ্ঠান ৷ গ্ৰাহকক প্ৰচাৰ পত্ৰিকা,এজোপাকৈ গছপুলি বিতৰণ