ETV Bharat / state

দুলনী নৈৰ খহনীয়াৰ কবলত কৌটি টকীয়া জলসিঞ্চন প্ৰকল্প - বিজনী আঞ্চলিক সমিতি

বঙাইগাঁৱত অব্যাহত আছে দুলনী নৈৰ গৰাখহনীয়া ৷ নদীৰ বুকুত জাহ গৈছে বহু কৃষিভূমি ৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ খহনীয়া ৰোধৰ বাবে চৰকাৰক ব্যবস্থা ল'বলৈ অনুৰোধ জনাইছে ৰাইজে ৷

BONGAIGAON DULUNI RIVER EROSION
বঙাইগাঁৱত দুলনী নৈৰ খহনীয়াৰ কবলত কৌটি টকীয়া জলসিঞ্চন প্ৰকল্প
author img

By

Published : Sep 3, 2020, 5:29 PM IST

উত্তৰ অভয়াপুৰী, 3 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তগৰ্ত পূৱ গোঁসাইগাঁৱত দুলনী নৈৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে । প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে সেউজীয়া কৃষিভূমি । ইতিমধ্যে, খহনীয়াৰ কবলত পৰিছে কোটি টকীয়া জলসিঞ্চন প্ৰকল্প । জলসিঞ্চন প্ৰকল্পটোৰ আধা অংশ ভাঙি নৈৰ বুকুত জাহ গৈছে । তৎসত্বেও জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

বঙাইগাঁৱত দুলনী নৈৰ খহনীয়াৰ কবলত কৌটি টকীয়া জলসিঞ্চন প্ৰকল্প

বৃহস্পতিবাৰে আমছুৰ দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত দুলনী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, জলসম্পদ বিভাগ হায় হায়, গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অনতিপলমে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : শিল্পকৰ্মৰে জীৱনৰ পথ প্ৰশস্ত কৰি তোলা হোজাইৰ মৃদুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.