ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - top ten news

11 বজাৰ শীৰ্ষ দহটা খবৰ

top ten news at 11 am
top ten news at 11 am
author img

By

Published : Mar 17, 2022, 11:09 AM IST

বৰপেটাত দৌল মহোৎসৱত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ

সত্ৰনগৰী বৰপেটাতো এইবেলি 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দৌল মহোৎসৱ (Holi celebration in Barpeta Satra 2022) ৷ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱৰ প্ৰথমদিনাৰ কাৰ্যসূচী হিচাপে বুধবাৰে বহ্নুৎসৱ বা গন্ধযাত্ৰা অনুষ্ঠিত (Holi celebration in Barpeta Satra) হয় ৷

অসম বাজেট 2022-23 ক জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা অগপৰ

বিত্ত মন্ত্রী অজন্তা নেওগে বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক (Assam budget 2022-23) জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা দিছে বিজেপিৰ মিত্রদল অগপই (Atul Bora on Assam budget)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা অসম বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে ।

সোণাপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

মহানগৰ আৰক্ষীয়ে অভিযান চলায় নিশা সোণাপুৰ টোলগেটৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে মণিপুৰৰ খাংগেনবাম মাংগী সিং আৰু ছাগলছেম মাংলেংজাও সিং ৷

Bubu Konwar encounter : আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা

শিৱসাগৰত আৰক্ষীৰ এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হোৱা সন্দৰ্ভত (Bubu Konwar encounter in Sivsagar) ৰাজ্যিক মানৱ অধিকাৰ আয়োগত ৰুজু হোৱা গোচৰৰ শুনানিৰ দিন ঘোষণা কৰা হৈছে । বুধবাৰে গোচৰটোৰ সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে (Hearing of Bubu Konwar encounter case) ৷

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব কোন: কইনাধৰাত বিজেপিৰ বৈঠক

31 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচন (Rajya Sabha Election 2022)৷ বিজেপিয়ে দুখন খালী আসনৰ এখন ইউ পি পি এলক এৰি দিব কবুলি চলি আছে চৰ্চা ৷ ইয়াৰ মাজতে বুধবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা মুলতঃ এই বিষয়ত অনুষ্ঠিত হ’ল ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটিৰ এখন বৈঠক ৷

Assam Budget 2022-23: কেইবাখনো শিক্ষানুষ্ঠানৰ বাবে বাজেটত বিশেষ ঘোষণা

সদনত বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেট(Assam Budget 2022)ত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বাবে বিত্তীয় অনুদান ঘোষণা কৰা হৈছে । বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হৈছে এই অনুদান ।

Assam Budget 2022-23: 600.36 কোটিৰ ঘাটিৰে অজন্তাৰ নতুনত্বহীন বাজেট

অজন্তা নেওগৰ এই বাজেটত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ২৮৩৪৯৪.৬৪ কোটি ।‌‌ বাজেট প্ৰাককলন অনুসৰি এই বিত্তীয় বৰ্ষটোত একত্ৰীকৃত নিধিত মুঠ ১,১৯,০২৭.৯৫ কোটি টকা প্ৰাপ্তি সম্ভৱ হৈ উঠিব । ইয়াৰে ৰাজহ শিতানৰ পৰা ৯৬,৩৭৪.৫৯ কোটি আৰু মুলধন শিতানৰ পৰা ২৩,৬৭৩.৭১ কোটি সংযোজিত হ'ব ।

বাজেটত ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ নিৰ্দেশনা নাই: মনোৰঞ্জন তালুকদাৰ

বাজেটক লৈ চি পি আইৰ (এম)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ বাজেটত সচৰাচৰ ঘোষণা কৰি থকা আঁচনিৰ ছীল মোহৰ মৰা হৈছে । অসমৰ উন্নয়ন নিশ্চিত কৰিব পৰাকৈ কোনো পৰিকল্পিত আঁচনি বাজেটত ঘোষণা কৰা হোৱা নাই । কৃষি অৰ্থনীতি টনকিয়াল কৰাৰ কোনো আঁচনি নাই(CPIM MLA reacts on Assam budget 2022) ।

বাজেটত কোনো চমক নাই : বিৰোধী দলপতি দেবব্ৰত শইকীয়া

বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক চমকহীন গতানুগতিক বাজেট আখ্যা দিয়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrata Saikia reacts to budget 2022) । বিগত সময়ৰ বহু ঘোষণা এতিয়াও ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, পুৰণি বহু প্ৰকল্পৰ কথা বাজেটত পুনৰ উল্লেখ কৰা হৈছে ।

Assam Budget 2022 : বাজেট সম্পৰ্কত মহানগৰীৰ ব্যৱসায়ীৰ মতামত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ ৰাজ্যিক বাজেট বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে । বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২২-২৩ চনৰ পূৰ্ণাংগ ৰাজ্যিক বাজেট সম্পৰ্কত ব্যৱসায়ীৰ মতামত জানো আহক (businessman reactions on Assam budget) ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.