বিশ্বনাথ, 25 মে’: বিশ্বনাথঘাটত সোমবাৰে বাঘৰ আক্ৰমণত আহত হয় মুনু দাস নামৰ এজন লোক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অহা ঢেঁকীয়াপটীয়া বাঘটোৱে নদীৰ পাৰৰ পৰা গা ধুই আহোতে আঘাত কৰে লোকজনক ৷
ঘটনাস্থলীত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ 3 গৰাকী ডিএফঅ’, এচিএফ আৰু বিশ্বনাথ আৰক্ষী-বন বিভাগৰ দল উপস্থিত হৈ তৎপৰতাৰে গ্ৰহণ কৰে যাৱতীয় ব্যৱস্থা । গাঁৱৰ ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱাৰ লগতে ঠাইখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।
আহত মুনু দাসক বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসা বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি বাঘটো বিশ্বনাথ চাৰিআলিৰ নতুন গাঁৱৰ ব্ৰহ্মপুত্ৰৰ নদী পাৰৰ হাবিত সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ।
লগতে পঢ়ক: গোলাঘাটত পুনৰ 18 জনৰ দেহত কৰ’ণা পজিটিভ