চতিয়া,17ছেপ্তেম্বৰঃ কংগ্ৰেছ দল এখন ফুটা নাঁৱৰ দৰে ডুবু-ডুবু অৱস্থাত পৰিণত হৈছে । কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ বিশেষকৈ ডুবু-ডুবু অৱস্থাত থকা কংগ্ৰেছ দলৰ কৰ্মী সকলে নিজ দলৰ প্ৰতি আস্থা হেৰুৱাই আমাৰ দলত যোগদান কৰিছে ৷ বুধবাৰে জামুগুৰিহাটৰ ইটাখোলা শংকৰ দেৱ ভৱনত অনুষ্ঠিত এক দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷
ইপিনে এই দলীয় সভাত আছুৰ বহু কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ লগতে কংগ্ৰেছ দলৰ জেষ্ঠ সদস্যা তথা দক্ষিণ নাগশংকৰ প্ৰাক্তন মণ্ডল সভানেত্ৰী বাসনা দাসৰ নেতৃত্বত কেইবাজনো কংগ্ৰেছৰ সদস্য-সদস্যাই যোগদান কৰে ৷ তদুপৰি ইটাখোলা অঞ্চলৰ প্ৰায় ডেৰ শতাধিক কংগ্ৰেছৰ বিষয়-ববীয়াই বিধায়ক পদ্ম হাজৰিকাৰ কৰ্মৰাজিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে ৷ বিধায়কগৰাকীয়ে সকলো যোগদানকাৰীকে ফুলাম গামোচাৰে বিজেপি দললৈ আদৰণি জনায় ৷ আনহাতে,সভাত যোগদানকাৰীসকলক সৎ আৰু নিষ্ঠাৰে দলীয় কাম-কাজৰ লগতে নিঃস্বাৰ্থ ভাবে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনায় বিধায়ক পদ্ম হাজৰিকাই ৷
লগতে পঢ়কঃঅসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে ?