ETV Bharat / state

বিশ্বনাথ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান দুই সংগঠনৰ

নিখিল ভাৰত ছাত্ৰ সন্থা আৰু বিপ্লৱী যুৱ সন্থাই বিশ্বনাথ জিলাৰ বেদেতী,বৰগাং,নাচবৰ,বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে বিহালী খণ্ড উন্নয়ন বিষয়া ভূপেন বৰুৱাৰ জৰিয়তে বিশ্বনাথ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ দাখিল কৰে ৷

Submission of Memorandum
বিশ্বনাথ জিলা উপায়ুক্তক স্মাৰক পত্ৰ দাখিল
author img

By

Published : Feb 4, 2021, 6:56 AM IST

বিশ্বনাথ, 4 ফেব্ৰুৱাৰী : বিগত কিছুদিন ধৰি বিশ্বনাথ জিলাৰ বিশ্বনাথ মহাবিদ্যালয়,বিহালী মহাবিদ্যালয়,বৰগাং জ্ঞানম একাডেমীকে আদি কৰি বিভিন্ন মহাবিদ্যালয়ৰ লগতে বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সেয়ে নিখিল ভাৰত ছাত্ৰ সন্থা আৰু বিপ্লৱী যুৱ সন্থাই শিক্ষাৰ্থী সকলৰ যাতায়ত সমস্যা দূৰ কৰাৰ বাবে বুধবাৰে বিহালী খণ্ড উন্নয়ন বিষয়া ভূপেন বৰুৱাৰ জৰিয়তে বিশ্বনাথ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ দাখিল কৰে ৷

Submission of Memorandum
বিশ্বনাথ জিলা উপায়ুক্তক প্ৰদান দুই সংগঠনৰ

স্মাৰক পত্ৰ খনত উল্লেখ থকা অনুসৰি ৰাজহুৱা বাছ সমূহে ছাত্ৰ-ছাত্ৰী সকলক বাছত উঠাৰ ক্ষেত্ৰত সদায় বাধা প্ৰদান কৰা দেখা যায়। যাৰ ফলত ৰাতিপুৱা বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ আগত আৰু আবেলি পাঠদান শেষ হোৱাৰ পিছত বিভিন্ন চেন্টাৰত ছাত্ৰ-ছাত্ৰীসকলে বাছৰ বাবে বোন্দাপৰ দি থাকিব লগীয়া হয় । অনকি বহু ঠাইত বাছ নাপাই বহু দেৰিলৈকে ছাত্ৰ-ছাত্ৰীসকল ৰৈ থকা পৰিলক্ষিত হয়। বিশেষকৈ বেদেতী,বৰগাং,নাচবৰ,বিশ্বনাথ চাৰিআলি আদি বাছ ৰখা চেন্টাৰ সমূহত প্ৰায়ে এই দৃশ্য সূলভ হৈ পৰে ।

Submission of Memorandum
স্মাৰক পত্ৰ দাখিল

ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়াত সুনিশ্চিত কৰিবলৈ নিখিল ভাৰত ছাত্ৰ সন্থা আৰু বিপ্লৱী যুৱ সন্থাই ৫০% অৰ্থাৎ আধা ভাড়াত ছাত্ৰ-ছাত্ৰী সকলৰ ৰাজহুৱা যাতায়ত ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনায় ৷ আনহাতে কোনো বাছে যাতে ছাত্ৰ-ছাত্ৰী সকলক এৰি থৈ নাযায়,সেই বিষয়ে জিলা প্ৰশাসনে উচিত ব্যৱস্থা লোৱাৰ দাবী জনাই সংগঠন দুটাই ৷

উল্লেখ্য যে, সংগঠন দুটাই বিশ্বনাথ জিলা উপায়ুক্তক দিয়া দাবী সন্মিলিত স্মাৰক পত্ৰ খনত নিখিল ভাৰত ছাত্ৰ সন্থাৰ উপ-সভাপতি জ্যোতিপ্ৰকাশ বৰা,বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃদুল চৱৰ আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মুখ্য আহ্বায়ক পৰিমল গোঁড়ে স্বাক্ষৰ কৰে ৷

লগতে পঢ়ক : গোলাঘাটৰ বেবেজীয়াত ONGCৰ খাদত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.