বিহালী, ৪ মে': বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীত শনিবাৰে উদ্বোধন কৰা হয় " আৰ.কে.মেমৰিয়েল কনিষ্ঠ মহাবিদ্যালয়" নামেৰে এখন নতুন ব্যক্তিগতখণ্ডৰ মহাবিদ্যালয় । প্ৰথম অৱস্থাত কলা শাখাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পাঠদান দিয়া হ'ব এই মহাবিদ্যালয়খনত ।
শৈক্ষিক পাঠদানৰ লগতে এই মহাবিদ্য়ালয়ত দিয়া হ'ব ব্যক্তিত্ব বিকাশ, ইংৰাজী কথোপকথন, কেৰিয়াৰ সম্পৰ্কীয়ও পাঠদান । শনিবাৰে কনিষ্ঠ মহাবিদ্যালয়ৰ মূল তোৰণ উন্মোচন কৰে প্ৰাক্তন শিক্ষক আৰু সমাজ কৰ্মী গুৰুচৰণ কৰ্মীয়ে । ইপিনে বন্তি প্ৰজ্বলন কৰে প্ৰতিমা পাণ্ডে বঁটা বিজয়ী বিশিষ্ট নাট্যকাৰ শিল্পী বিনোদ খনালে ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ প্ৰফুল্ল কুমাৰ নাথে আনুষ্ঠানিক ভাৱে কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্বোধন কৰে । আৰ.কে.মেমৰিয়েল কনিষ্ঠ মহাবিদ্যালয়খনে ভৱিষ্যতে গুণগত দিশত পাঠদান কৰি অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে ডঃ প্ৰফুল্ল কুমাৰ নাথে । বিশিষ্ট সমাজ কৰ্মী তথা কবি সাহিত্যিক প্ৰদীপ কুমাৰ শৰ্মাই বেদেতী অঞ্চলত কনিষ্ঠ মহাবিদ্যালয়খনে দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিছে বুলি মন্তব্য় কৰে ।