ETV Bharat / state

হেলেম চাহ বাগিছাত ঝুমুৰৰ ছন্দত থেস্কা বজালে পীযুষ হাজৰিকাই

author img

By

Published : May 26, 2022, 9:26 PM IST

ৰাজ্যৰ চাহ বাগিছাৰ শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা ৷ বৃহস্পতিবাৰে বিভিন্ন অনুষ্ঠানৰ মাজেৰে গহপুৰৰ হেলেম চাহ বাগিছা আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika inaugurates newly constructed school at Gohpur) ৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় মন্ত্ৰী পীযুষ হাজৰিকাৰ । ঝুমুৰ দলৰ সৈতে থেস্কা (খৰতাল) বজাই আনন্দ উপভোগ জলসম্পদ মন্ত্ৰীগৰাকীৰ ।

pijush-hazarika-inaugurates-newly-constructed-school-at-gohpur
গহপুৰ হেলেম চাহ বাগিছা আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

বিহালী, ২৬ মে' : চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে চাহ বাগিছাসমূহত আগন্তুক ৩ দিনৰ ভিতৰত অসম চৰকাৰৰ দ্বাৰা ৯৬ খনকৈ মডেল স্কুলৰ শুভাৰম্ভণি কৰা হ'ব । সমান্তৰালকৈ বৃহস্পতিবাৰে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হেলেম চাহ বাগিছা আদৰ্শ হাইস্কুল আৰু ব্ৰহ্মাজান চাহ বাগিছা আদৰ্শ হাইস্কুলৰ শুভাৰম্ভণি কৰে জলসম্পদ মন্ত্ৰী তথা বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika inaugurates newly constructed school at Gohpur)।

উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ ওপৰিও চাহ জনজাতীয় লোকসকলৰ ঝুমুৰ দলৰ সৈতে থেস্কা ( খৰতাল) বজোৱা পৰিলক্ষিত হয় । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক এই কাৰ্যসূচীত সহযোগ কৰে গহপুৰৰ বিধায়ক উৎপল বৰা আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে, বুধবাৰৰ দিনটোত ৰঙাপৰা বিধানসভা সমষ্টিত নৱনিৰ্মিত ৬ খন আদৰ্শ হাইস্কুল আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM inaugurates six newly constructed schools in Rangapara)। ইফালে, ৰঙাপৰা বিধানসভা সমষ্টিত ৬খন আদৰ্শ হাইস্কুলৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM inaugurates six newly constructed schools in Rangapara)।

  • It was indeed an absolute pleasure in inaugurating the Model HS School in Brahmajan T.E., Gohpur today. The model schools across the tea gardens of Assam shall highly cater to the educational growth & brighter future of the tea garden students. (1/2) pic.twitter.com/ijGhQHBbKf

    — Pijush Hazarika (@Pijush_hazarika) May 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

অসমৰ বিভিন্ন জনজাতি বা সম্প্ৰদায়ৰ ভিতৰত চাহ বাগিছা অঞ্চলত বাস কৰা লোকসকল শৈক্ষিকভাৱে বহু পিছপৰা (Education system in tea garden area)। চাহ বাগিছা অঞ্চলসমূহত শৈক্ষিক সা-সুবিধাবোৰ নিম্ন বা প্ৰাথমিক স্তৰতে সীমাবদ্ধ আৰু বেছিভাগ বিদ্যালয়তে শিক্ষাৰ্থী অনুপাতে শিক্ষকৰ অভাৱ । সেয়ে এই ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ উল্লেখ্য যে, এই বিদ্যালয়সমূহৰ দ্বাৰাই চাহ বাগিচাসমূহত শৈক্ষিক পৰিবেশ গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে ।

লগতে পঢ়ক : চাহ বাগিছাত উচ্চ শিক্ষা : ৰঙাপৰাত ৬খন বিদ্যালয়ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.