ETV Bharat / state

Orunodoi card distribution : বিশ্বনাথত অৰুণোদয় ২.০ ৰ শুভ উদ্বোধন সাংসদ পল্লৱলোচন দাসৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:34 AM IST

Updated : Oct 12, 2023, 11:57 AM IST

বুধবাৰে বিশ্বনাথত অৰুণোদয় কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ এই কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সাংসদ পল্লৱলোচন দাসে ৷

Orunodoi card distribution
বিশ্বনাথত অৰুণোদই ২.০ ৰ শুভ উদ্বোধন
অৰুণোদয় কাৰ্ড বিতৰণ

বিশ্বনাথ, ১২ অক্টোবৰ : বুধবাৰে বিশ্বনাথ জিলাত আয়োজন কৰা হয় এক চৰকাৰী সভা ৷ এই সভাত অৰুণোদয় ২.০ আঁচনিৰ অধীনত নিৰ্বাচিত কৰা হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাখনত নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজৰে দহগৰাকীক অৰুণোদয় কাৰ্ড প্ৰদান কৰা হয় ৷ এই কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে ।

Arunodaya card distribution
বিশ্বনাথত অৰুণোদই ২.০ ৰ শুভ উদ্বোধন

বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে কেবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসে ৷

Arunodaya card distribution
অৰুণোদয় কাৰ্ড বিতৰণ

ভাষণ প্ৰসংগত তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰখনে মহিলা সবলীকৰণেৰে পৰিয়াল তথা অসমৰ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে । উল্লেখ্য যে, অৰুণোদয় ২.০ আঁচনিয়ে বিশ্বনাথ জিলাত সামৰি লোৱা মুঠ ১২০১৮ গৰাকী হিতাধিকাৰী উপকৃত হ'ব ।

তথ্য অনুসৰি, জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ সমষ্টিৰ পৰা ৪০০৬ গৰাকীকৈ হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে ৷ মুঠ ১২০১৬ গৰাকীয়ে অভিলাষী অৰুণোদয় আঁচনিৰ অধীনত সুবিধা লাভ কৰিব । পৰৱৰ্তী পৰ্যায়তো জিলা আয়ুক্তৰ শিতানত নিৰ্বাচিত আৰু তিনি হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হ’ব ।

বুধবাৰে আয়োজিত এই অনুষ্ঠানটিত দহগৰাকী হিতাধিকাৰীক অৰুণোদয় কাৰ্ড প্ৰদান কৰি প্ৰক্ৰিয়াটোৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পূৰ্বে বিশ্বনাথত অৰুণোদয় আঁচনিৰ অধীনত ৪৭৫০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে আৰু এইবাৰ পুনৰ ১২০১৮ গৰাকী হিতাধিকাৰী নতুনকৈ সংযোজিত হৈছে ।

এই অনুষ্ঠানটিত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ভাষণ প্ৰদান কৰি বৰ্তমান চৰকাৰখনে নিজা পুঁজিৰে মহিলাসকলৰ কল্যাণৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে । যুৱ সাংবাদিক ভাস্কৰজ্যোতি বৰাই আঁতধৰা আৰু জিলাখনৰ কেইবাহাজাৰ হিতাধিকাৰী আইমাতৃ উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰে ।

অৰুণোদয় আঁচনিৰ সম্পৰ্কে প্ৰস্তুত কৰা এটি ভিডিঅ’ প্ৰদৰ্শন কৰা অনুষ্ঠানটিত অসম পশুধন উন্নয়ন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতী, সমাজকৰ্মীসকল ক্ৰমে পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, মোহন মহন্ত, অশোক ভট্টৰায়, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ উপস্থিত থাকে ৷

এওঁলোকৰ লগতে পিছপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডাঃ ৰঞ্জন গগৈ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ধ্ৰুৱজ্যোতি দাস, মানস কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা, বিশ্বনাথৰ নিৰ্বাচনী বিষয়া প্ৰতীশা দত্ত, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে পুষ্পাংকৰ পাতিৰ, সৃষ্টি কলিতা, বিচিত্ৰা দাস, চয়নিকা হাজৰিকা আদিৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক : Arunodaya card distribution : মৰিগাঁৱত অৰুণোদই ২.০ ৰ শুভ উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ

Last Updated : Oct 12, 2023, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.