ETV Bharat / state

টাৱাৰত উঠি আত্মহননৰ চেষ্টা চানিৰামৰ

33 কেভিৰ ইলেক্ট্ৰিকেল খুটাত উঠি আত্মহত্যাৰ প্ৰচেষ্টা চলালে চানিৰাম নামৰ এজন লোকে । 6 ঘন্টা ধৰি ব্যাহত বিদ্যুত যোগাযোগ ৷ পাচ ঘন্টাতকৈ অধিক সময় নাটকীয় পৰিবেশৰ সূচনা কৰা চানিৰামৰ বাবেই জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে আদি কৰি সাধাৰন ৰাইজে ভুগিবলগীয়া হল দুৰ্ভোগ

author img

By

Published : Sep 16, 2019, 10:22 PM IST

টাৱাৰত উঠি আত্মহননৰ চেষ্টা

বিশ্বনাথ, 16 চেপ্তেম্বৰ : দেওবাৰে নিশা 5 ঘন্টাতকৈ অধিক সময় বিশ্বনাথৰ লোকক জলা কলা খুৱালে চানিৰাম ওৰাং নামৰ এজন লোকে । নিদ্ৰা হৰিলে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা আন আন চৰকাৰী বিষয়াৰ । 33 কেভিৰ ইলেক্ট্ৰিকেল খুটাত উঠি আত্মহত্যাৰ প্ৰচেষ্টা চলালে চানিৰাম নামৰ লোকজনে । ফলত বিয়লি 5 বজাৰ পৰা বিদ্যুৎ বিভাগে কৰ্তন কৰিব লগীয়া হল বিদ্যুৎ আৰু যাৰ বাবে বিশ্বনাথ চাৰিআলিৰ লগতে গহপুৰ , লক্ষীমপুৰ, মাজুলী , ধেমাজি আদি ঠাইলৈ বিদ্যুৎ পৰিবহন বন্ধ কৰিবলৈ বাধ্য হ'ল অসম শক্তি বিতৰন কোম্পানী । এই ঘটনাৰ পিছতে প্ৰৱল বৃষ্টিপাতৰ মাজতে ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে উপস্থিত হয় বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ বহু উচ্চ পদস্থ বিষয়া । প্ৰশাসনে বহু চেষ্টা কৰিও খুটাৰ পৰা নমাব পৰা নাছিল চানিৰাম ওৰাং নামৰ লোকজনক ৷ কোনোবা খুটাটোলৈ উঠিলেই খুটাৰ পৰা জপিয়াই দিয়াৰ ভাবুকি দিয়ে চানিৰামে ৷ নিশা 11.45 বজাত অৱশেষত প্ৰচণ্ড জোৰেৰে বৰষুণ অহাত চানিৰাম টাৱাৰৰ পৰা পিচল খায় । প্ৰবল বৰষুণৰ বাবে পিচল খাই পৰাৰ সময়ত টাৱাৰৰ বিভিন্ন অংশত খুন্দা খাই আঘাতপ্ৰাপ্ত হৈ তলত পৰে চানিৰাম ৷ লগে লগে আৰক্ষী প্ৰশাসনে চানিৰামক লৈ যায় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ । চিকিৎসালত চিকিৎসকে চানিৰামক সংকটমুক্ত বুলি ঘোষণা কৰে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চানিৰামক প্ৰেৰণ কৰে তেজপুৰ মেডিকেল কলেজলৈ ৷ উল্লেখ্য যে, চেন্নাইত কৰ্মৰত চানিৰাম কালি আহিছিল ঘৰলৈ ৷ ঘৰলৈ আহিয়েই সংঘটিত কৰিলে এই নাটকীয় পৰিবেশৰ ৷ পাচ ঘন্টাতকৈ অধিক সময় নাটকীয় পৰিবেশৰ সূচনা কৰা চানিৰামৰ বাবেই জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে আদি কৰি সাধাৰন ৰাইজে ভুগিবলগীয়া হল দুৰ্ভোগ ৷

Intro:AS_BIswanath_ GINGIA 33KV _TOWER _UPDATE_802_vis_byte_scrpt_as10018

Body:AS_BIswanath_ GINGIA 33KV _TOWER _UPDATE_802_vis_byte_scrpt_as10018

Conclusion:AS_BIswanath_ GINGIA 33KV _TOWER _UPDATE_802_vis_byte_scrpt_as10018

ইলেকট্ৰিকেল টাৱাৰত উঠি আত্মহননৰ অপচেষ্টা :: ৬ ঘন্টাধৰি বিদ্যুত পৰিবহন ব্যাহত ::

প্ৰৱল বৰষুনৰ বাবে টাৱাৰৰ ওপৰৰ পৰা সৰি পৰা চানিৰাম ওৰাং গুৰুত্বৰভাৱে আহত :: তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰন :: বৰষুনত তিতি তিতি চানিৰামক খুটাৰ পৰা নমোৱাৰ চেষ্টা চলালে জিলা উপায়ুক্ত আৰক্ষী অধিক্ষকে ::

বিশ্বনাথ চাৰিআলিৰ লগতে গহপুৰ , লক্ষীমপুৰ, মাজুলী , ধেমাজি আদি ঠাইলৈ বিদ্যুত পৰিবহন বন্ধ কৰিবলৈ বাধ্য হল অসম শক্তি বিতৰন কোম্পানী

বিশ্বনাথৰ
বিহালী পূৱ জিনজিয়াৰ এজন লোকে আত্মহননৰ চেষ্টা চলাই দেওবাৰে নিশা ৫ ঘন্টাতকৈ অধিক সময় জলা কলা খোৱালে সমগ্ৰ বিশ্বনাথ জিলাৰ লোকক । কেৱল জিলা খনৰ সাধাৰণ ৰাইজকে নহয়, নিদ্ৰা হৰিলে জিলা খনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা আন আন চৰকাৰী বিষয়া লৈকে ।বিশ্বনাথৰ পূব জিনজিয়াত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিলে চানিৰাম ওৰাং নামৰ এই লোকজনে।

৩৩ কেভিৰ ইলেক্ট্ৰিকেল খুটাত উঠি আত্মহত্যাৰ প্ৰচেষ্টা চলালে এই চানিৰাম নামৰ লোকজনে। ফলত বিয়লি ৫ বজাৰ পৰা বিদ্যুৎ বিভাগে কৰ্তন কৰিব লগীয়া হল বিদ্যুৎ আৰু যাৰ বাবে বিশ্বনাথ চাৰিআলিৰ লগতে গহপুৰ , লক্ষীমপুৰ, মাজুলী , ধেমাজি আদি ঠাইলৈ বিদ্যুত পৰিবহন বন্ধ কৰিবলৈ বাধ্য হ'ল অসম শক্তি বিতৰন কোম্পানী । এই ঘটনাৰ পিছতে প্ৰৱল বৃষ্টিপাতৰ মাজতে ঘটনা স্থলীত স্থানীয় ৰাইজৰ লগতে উপস্হিত হয় বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সহ প্ৰশাসনৰ বহু উচ্চ পদস্হ বিষয়া । প্ৰশাসনে বহু চেষ্টা কৰিও খুটাৰ পৰা নমাব পৰা নাছিল চানিৰাম ওৰাং নামৰ লোকজনক ৷ কোনোবা খুটাটোললৈ উঠিলেই খুটাৰ পৰা জপিয়াই দিয়াৰ ভাবুকি দিয়ে চানিৰামে ৷ পিছত জিলা প্ৰশাসনো উপায়ন্তৰ হৈ বিদ্যুৎৰ সেই টাৱাৰটো চাৰিওফালৰ পৰা বেৰি দিলে জালেৰে । তথাপিও চানিৰামক নমাব নোৱাৰিলে টাৱাৰৰ পৰা আৰু জাল পাতিও সফল নহল প্ৰশাসন। হয়টো ভগৱানেও বিচৰা নাছিল চানিৰামৰ মৃত্যু। সেইহে ৰাখে হৰি মাৰে কোনে,মাৰে হৰি ৰাখে কোনে।এই কথাৰে প্ৰমান দিলে ভগৱানে। শেষত খোদ বৰুন দেৱতা আহিব লগিয়া হল চানিৰামক মৃত্যুৰ দোৱাৰ দলিৰ পৰা উভতাই আনিবলৈ। নিশা ১১.৪৫ বজাত অৱশেষত প্ৰচণ্ড জোৰে বৰষুন অহাত চানিৰাম পিচল খালে টাৱাৰৰ পৰা। প্ৰবল বৰষুনৰ বাবে পিচলখাই পৰাৰ সময়ত টাৱাৰৰ বিভিন্ন অংশত খুন্দা খাই আঘাত প্ৰাপ্ত হৈ তলত পৰে চানিৰাম ৷ লগে লগে আৰক্ষী প্ৰশাসনে চানিৰামক লৈ যায় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ। চিকিৎসালত চিকিৎসকে চানিৰামক সংকটমুক্ত বুলি ঘোষনা কৰে যদিও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত চানিৰামক প্ৰেৰন কৰে তেজপুৰ মেডিকেল কলেজলৈ ৷ উল্লেখ্য যে চেন্নাইত কৰ্মৰত চানিৰাম কালি আহিছিল ঘৰলৈ ৷ ঘৰলৈ আহিয়েই সংঘটিত কৰিলে এই নাটকীয় পৰিবেশৰ ৷ পাছ ঘন্টাতকৈ অধিক সময় নাটকীয় পৰিবেশৰ সুচনা কৰা চানিৰামৰ বাবেই জিলা উপায়ুক্ত , আৰক্ষী অধিক্ষকে আদি কৰি সাধাৰন ৰাইজে ভুগিব লগীয়া হল দুৰ্ভোগ

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.