ETV Bharat / state

গুপ্তকাশী বিশ্বনাথত নৌকা বিহাৰ আৰম্ভ

অসমৰ নদী পৰ্যটনৰ ক্ষেত্ৰত নতুন খোজ ৷ গুপ্তকাশী বিশ্বনাথৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ ৷ অংশ ল'লে বিশ্বনাথৰ সাংবাদিকৰ দলে ।

author img

By

Published : Nov 9, 2020, 8:06 PM IST

nouka bihar story biswanath assam etv bharat news
নৌকা বিহাৰ আৰম্ভ

বিশ্বনাথ,9 নৱেম্বৰ: দ্বিতীয় কাশী হিচাপে জনাজাত গুপ্তকাশী বিশ্বনাথ ঘাটক পৰ্যটনৰ মানচিত্ৰত উপস্থাপন কৰাৰ বাবে ইতিমধ্যে বিভিন্নজনে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰপাৰ তথা বিশাল বুঢ়া লুইতৰ অপৰূপ সৌন্দৰ্যৰে উপচাই ৰাখিবলৈ সক্ষম হৈ আহিছে গুপ্তকাশী বিশ্বনাথ ঘাট । কিন্তু পিছ পৰি আছে পৰ্যটনৰ মানচিত্ৰত এক সুকীয়া পৰিচয় দাঙি ধৰাত । এইক্ষেত্ৰত ব্যক্তিগতই হ‌ওঁক অথবা চৰকাৰীভাৱে বিভিন্ন সময়ত বহু প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে । সমান্তৰালকৈ লুইতৰ বুকুৱেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰপাৰ পৰিদৰ্শন কৰাৰ বাবে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত থকা বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা । নৌকা বিহাৰ যাত্ৰাৰ জৰিয়তে পৰ্যটকসকলক আকৰ্ষিত কৰাৰ লগতে নদী পৰ্যটনৰ দিশত এক দিগন্তৰ সূচনা হোৱাৰ আশা প্ৰকাশ কৰিছে বন বিভাগে ৷

বিগত 31 অক্টোবৰত এই উদ্দেশ্য আগত ৰাখি উদ্বোধন কৰা হৈছিল নৌকা বিহাৰ যাত্ৰা । এই যাত্ৰাক আকৰ্ষিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেওবাৰে বিশ্বনাথ চাৰিআলিৰ সাংবাদিকৰ এটা দলৰ সৈতে বন বিভাগে আয়োজন কৰে নৌকা বিহাৰ যাত্ৰা ৷

নৌকা বিহাৰ আৰম্ভ

এই যাত্ৰাত উপস্থিত থাকে কেন্দ্ৰীয় বনাঞ্চলিক বিষয়া ইকবাল হুছেইন ৷ বন বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি পৰ্যটকসকলে পুৱা-বিয়লি এই সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ ক্ষেত্ৰত পৰ্যটকৰ বাবে গুপ্তকাশী বিশ্বনাথ ঘাট এক উত্তম স্থান বুলিয়ো বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে চাওকঃ আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.