ETV Bharat / state

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ 13 টাকৈ আধাৰশিলা স্থাপন - মন্ত্ৰী ৰঞ্জিত দত্ত

বিহালী সমষ্টি অন্তৰ্গত শংকৰদেৱ কলাক্ষেত্ৰৰ জ্যোতিপুৰৰ সমীপত এটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে । এই ভৱনৰ বাবে ২০১৮-১৯ বৰ্ষৰ বিধায়ক পুঁজি পৰাৰ 2 লাখ টকা আবন্টন দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

Bihali
বিহালী
author img

By

Published : Jun 22, 2020, 2:19 PM IST

বিশ্বনাথ, 22 জুনঃ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্বনাথত উপস্থিত হয় হস্ততাঁত,বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্ত ৷ জিলাখনৰ বিহালী সমষ্টিৰ বিধায়কগৰাকীয়ে সমষ্টিটোত 13 টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে ৷ তথ্য অনুসৰি,বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া গাঁও পঞ্চায়ত,বৰঝাৰণি গাঁওপঞ্চায়ত,তিনিসুটি গাঁও পঞ্চায়ত,খৰাশিমলু গাঁও পঞ্চায়তৰ উন্নতীকৰণৰ বাবে বিধায়ক উন্নয়ন পুঁজি আৰু চতুদৰ্শ বিত্তীয় আয়োগৰ ধনেৰে সৌৰ চাকী আৰু পথৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী ৰঞ্জিত দত্ত

লগতে পঢ়কঃ দ্বিতীয়টো বানৰ কৱলত ৰাজ্যৰ 5 খন জিলা

ইয়াৰোপৰি, বিহালী সমষ্টি অন্তৰ্গত শংকৰদেৱ কলাক্ষেত্ৰৰ জ্যোতিপুৰৰ সমীপত এটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে । এই ভৱনৰ বাবে ২০১৮-১৯ বৰ্ষৰ বিধায়ক পুঁজি পৰাৰ 2 লাখ টকা আবন্টন দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, বাঁহবাৰী এল পি স্কুল গুটিবাৰী সমীপত ২০১৮-১৯ বৰ্ষৰ বিধায়ক পুঁজি দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমূহীয়া ভৱনলৈ ৩ লাখ টকা আবন্টন দিয়ে বিহালী সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

লগতে চি চি ব্লকৰ দ্বাৰা নিৰ্মাণ হ'ব লগা জিনজিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত জিনজিয়া গড়কাপ্তানি পথৰ পৰা প্ৰদীপ দত্ত ঘৰমুখী পথটোৰ বাবে ২০১৯-২০ বৰ্ষৰ চতুৰ্থ বিত্তীয় আয়োগৰ পৰা ২৪৮৫০৩৯ টকা আবন্টন দিয়া বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । ইয়াৰোপৰি, জিনজিয়া, তিনিসুটি ,বৰঝাৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও স্থানত সৌৰ চাকীৰ কাম শুভাৰম্ভ কৰে বিহালী সমষ্টি বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.