ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ

বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতত সাংবাদিক গৰাকীয়ে আগবঢ়ায় সাহায্য ৷

author img

By

Published : Jun 7, 2021, 9:37 AM IST

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান নিৰঞ্জন হাজৰিকাৰ

বিশ্বনাথ,7 জুন: ক'ভিড মহামাৰীয়ে ৰাজ্যত এক প্ৰকাৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাত অসম চৰকাৰে ক'ভিডক পৰাস্ত কৰিবলৈ সমগ্ৰ ৰাজ্যবাসীৰ পৰা বিচাৰিছিল সহযোগ । যাৰ ফলস্বৰূপে বিশ্বনাথৰ বহুকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহু কেইজন ব্যক্তিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে আৰ্থিক সাহায্য ৷

দেওবাৰে খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰিবলৈ বিশ্বনাথলৈ যোৱা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতত স্থানীয় জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০,১০১ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । নিৰঞ্জন হাজৰিকাই সাহায্য প্ৰদান কৰা সময়ত বিশ্বনাথ, চতিয়া, বিহালী, গহপুৰৰ বিধায়কসকলৰ উপৰিও জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ উপস্থিত থাকে । সাংবাদিক গৰাকীৰ পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰে ।

অন্য এক খবৰৰ বাবে: গৰাখহনীয়া নিয়ন্ত্ৰণক অসম চৰকাৰে অগ্ৰাধিকাৰ দিব : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.