ETV Bharat / state

চিবিএছই পৰীক্ষাত উজলিল নাহিদ আফ্ৰিন

সংগীত জগতত নহয় এইবাৰ শিক্ষা ক্ষেত্ৰত সু-ফলাফল ইণ্ডিয়া আইডল জুনিয়ৰ্ছ সংগীত প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ্ছ আপ তথা জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিনৰ ৷ সদ্য ঘোষিত চিবিএছই পৰীক্ষাত 96.4 শতাংশ অৰ্জন ৷

চিবিএছই পৰীক্ষাত উজলিল নাহিদ আফ্ৰিন
চিবিএছই পৰীক্ষাত উজলিল নাহিদ আফ্ৰিন
author img

By

Published : Jul 14, 2020, 10:44 PM IST

বিশ্বনাথ, 14 জুলাই: ভাৰতৰ প্ৰসিদ্ধ ইণ্ডিয়া আইডল জুনিয়ৰ্ছ সংগীত প্ৰতিযোগিতাৰ প্ৰথম ৰানাৰ্ছ আপ তথা জনপ্ৰিয় গায়িকা বিশ্বনাথৰ সুযোগ্য সন্তান নাহিদ আফ্ৰিন পুনৰ উজলি শিক্ষা ক্ষেত্ৰত । সংগীত লগতে শিক্ষা ক্ষেত্ৰতো সমানে আগুৱাই যোৱা নাহিদে সদ্য ঘোষিত চিবিএছইৰ বিজ্ঞান শাখাৰ দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষা ফলাফলত 96.4 শতাংশলৈ উত্তীৰ্ণ হৈ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

চিবিএছই পৰীক্ষাত উজলিল নাহিদ আফ্ৰিন

উল্লেখ্য যে, ইয়াৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো নাহিদে 91.5 শতাংশ নম্বৰলৈ উত্তীৰ্ণ হৈছিল ৷ 13 জুলাইত চিবিএছইৰ ফলাফল ঘোষণা কৰা হৈছিল ৷ য’ত সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে নাহিদে ৷ এই সন্দৰ্ভত শিল্পী গৰাকীয়ে সংগীত লগতে শিক্ষা দিশটো কেনেদৰে চলাই নিছিল সেই কথা ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত অৱগত কৰে ৷

লগতে চাওক-2019 বিশ্বকাপৰ চুপাৰ অভাৰৰ পূৰ্বে চিগাৰেট সেৱন কৰিছিল বেন ষ্ট’কছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.