ETV Bharat / state

আগন্তক ৫ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই - piyush Hazarika

বিশ্বনাথত উপস্থিত জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকা । গহপুৰ সমষ্টিৰ আৰু বিহালী সমষ্টিত পৰিদৰ্শন মন্ত্ৰী গৰাকীৰ । ৫ বছৰৰ ভিতৰত বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

govt-will-make-assam-flood-free-within-5-years
আগন্তক ৫ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰিব পিযুষ হাজৰিকাই
author img

By

Published : May 30, 2021, 10:09 PM IST

বিশ্বনাথ, ৩০ মে': দেওবাৰে বিশ্বনাথ জিলাৰ গহপুৰ বিধান সভা সমষ্টিৰ আৰু বিহালী বিধান সভা সমষ্টিৰ খহনীয়া স্থান পৰিদৰ্শন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই । পুৱা ৯ বজাত গহপুৰ বিধান সভা সমষ্টিৰ বিভিন্ন ভঙা মথাউৰি পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰীগৰাকীয়ে ।

আগন্তক ৫ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই

সমষ্টিৰ বিধায়ক উৎপল বৰা লগত সমষ্টিটোৰ ভঙা মথাউৰিসমূহ পৰিদৰ্শন কৰি মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । আনহাতে, ইয়াৰ পাছতে দিনৰ ১১ বজাত উপস্থিত হয় বিহালী সমষ্টিত । সমষ্টিটোৰ বিভিন্ন অঞ্চলত বান গৰাখহনীয়াৰ ফলত নৈ পৰীয়া অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে দীৰ্ঘদিন ধৰি । বিশেষকৈ বিহালী সমষ্টিৰ খহনীয়াৰ জৰ্জৰিত স্থান বুৰৈ নদীৰ লালপুখুৰী, বটিয়ামাৰী আৰু গাংমৌথান শান্তিপুৰ পৰিদৰ্শন কৰে পীযুষ হাজৰিকাই ৷

জল সম্পদ মন্ত্ৰীগৰাকীয়ে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বুৰৈ নদী আৰু বৰগাং নদী গৰাখহনীয়া পৰিস্থিতি বুজ লৈ উক্ত অঞ্চলত সমূহত অনাগত দিনত বিজ্ঞান সন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্বনাথ চাৰিআলি জল সম্পদ বিভাগক নিৰ্দেশ দিয়ে । অসম চৰকাৰৰ জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিয়ে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত দত্ত, জিলা উপায়ুক্ত, বিভাগীয় অভিযন্তা সকলে । আগন্তক ৫ বছৰৰ ভিতৰত বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷

লগতে পঢ়ক : কৰ'ণা মহামাৰীৰ বাবে খাদ্য সংকটত ভূগিছে ৰাজ্যৰ জীৱকুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.