বিশ্বনাথ, 5 জুলাই : গহপুৰ হেলেমৰ কাৰিবিলৰ দুই আদিবাসী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত বিশ্বনাথ আৰক্ষীয়ে আটক কৰে পাঁচজন যুৱকক ৷ যুৱককেইজনে অশ্লীল ভিডিঅ' বনাই ভাইৰেল কৰা ভাবুকিৰে ধৰ্ষণ কৰাৰ লগতে দেহ ব্যৱসায়ৰ সৈতে জড়িত কৰিছিল ৷ কিশোৰীকেইগৰাকীক হত্যা কৰাৰ ভাবুকিও দিছিল যুৱককেইজনে ৷
অৱশেষত কিশোৰীকেইগৰাকীয়ে গাঁৱৰ লোকক এই সন্দৰ্ভত অৱগত কৰাত স্থানীয় লোকে যুৱককেইজনক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে ৷ এই ঘটনাৰ লগত এটা নিউজ পৰ্টেলৰ এজন তথাকথিত সাংবাদিক জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে ৷ বিশ্বনাথ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : 15 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰে কেবিনেট সচিবৰ বৈঠক